অসম

পাঠশালাত দুবৃৰ্ত্তই লুটিলে শিক্ষকৰ ধন

নিউজ ডেস্ক,প্ৰথম খবৰ: ভাৰতীয় ষ্টেট বেংক পাঠশালা শাখাৰ সন্মুখত চাঞ্চল্যকৰ দিন ডকাইটিৰ ঘটনা সংঘটিত হয়| বেংকৰ পৰা বজালীৰ বগাপাৰাৰ অৰ্জুন চন্দ্ৰ ৰয় নামৰ ব্যক্তিজনে নগদ ৪৫হাজাৰ টকা উলিয়াই বেংকৰ সন্মুখত থকা চাহ দোকানত চাহ খাই ঘৰলৈ উভতাৰ পথত তেওঁৰ মটৰচাইকেল খনৰ চকাৰ কাষত কিছু ১০,২০ টকীয়া নোট দুষ্ট চক্ৰই পেলাই থয় আৰু ইয়াৰ পিছতে মটৰচাইকেল খনৰ গৰাকী অৰ্জুন চন্দ্ৰ ৰয়ক এগৰাকী মহিলাই তেওঁৰ পইচা পৰা বুলি কয়।আৰু তেওঁ পইচা বুটলিব লওঁতেই তেওঁৰ মটৰ চাইকেলৰ পৰা পইচাৰ বেগটো নোহোৱা হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই পাঠশালা আৰক্ষী চকীত শিক্ষক গৰাকীয়ে এজাহাৰ দাখিল কৰে। বৰ্তমান পাঠশালা আৰক্ষীয়ে সোধপোছৰ বাবে এগৰাকী মহিলাক আটক কৰিছে।

Related Articles

Leave a Reply

Close