অসম

পানবাৰীৰ যুৱকৰ মহানুভৱতা

প্ৰথম খবৰ, পানবাৰী: ধুবুৰী জিলাৰ পানবাৰী যুৱক দালানেৰ আলগা ১ম খণ্ড গাঁৱৰ যুৱক খাদেম আলীয়ে ১৩ ছেপ্তেম্বৰত আবেলি প্ৰায় ৫ টা মান বজাত ২৯০০০ টকাৰ SONY XPERIA হেৰুৱা মোবাইল পাই মোবাইলৰ গৰাকী ছুৱাপাতা ১ম খণ্ডৰ মোক্তেল হোসেনক মাতি আনি মোবাইলটো ওভোতাই দিয়াত মোক্তেল হোসেনে আৰু তেওঁৰ পৰিয়াল বৰ্গই খাদেম আলীক অশেষ ধন্যবাদ জ্ঞাপন কৰে আৰু স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

বৰ্তমান সমাজত এচাম এনেকুৱা নিদৰ্শন পোৱাটো খুবেই টান। তাৰ মাজতেই এগৰাকী যুৱকৰ এই মহানুভৱতাই যেন সমাজলৈ মানুহৰ মানুহৰ প্ৰতি এক নতুন বিশ্বাসনীয়তা কঢ়িয়াই আনিব।

Related Articles

Leave a Reply

Close