অসম

পুনৰ গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলত অঘটন, বিভাগীয় গাফিলতিত বিদ্যুৎস্পৃষ্ট হৈ কথমপি প্ৰাণৰক্ষা কৰ্মচাৰীৰ

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডৰ গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলত একাংশ বিষয়া-কৰ্মচাৰীয়ে দীৰ্ঘদিনৰ পৰা প্ৰদৰ্শন কৰি অহা কৰ্তব্যজনিত গাফিলতিৰ ফলস্বৰূপে আজি পুনৰ উপসংমণ্ডলটোৰ এজন কৰ্মচাৰী কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হ’ব লগা হোৱা ঘটনা সংঘটিত হয়৷

ঘটনা সন্দৰ্ভত জানিব পৰা উপ সংমণ্ডলটোত অস্থায়ী ভাৱে কৰ্মৰত সৌৰভ শইকীয়া নামৰ যুৱকজনে উপ সংমণ্ডলটোৰ অন্য কেইবাজনো সতীৰ্থ সহ শান্তিপাৰাৰ সোণতলীছিগা বণুৱা গাঁৱত অৱস্থিত ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰি থকা অৱস্থাতে কাম সম্পূৰ্ণ নৌহওঁতেই অকস্মাতে বিদ্যুৎ প্ৰবাহিত হোৱাত কৰ্মচাৰীগৰাকী বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হ’বলগা হয়৷

জানিব পৰা মতে গৌৰীসাগৰস্থ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা প্ৰবাহিত হোৱা বিদ্যুৎ সৰবৰাহ কৰ্মৰত দলটোৱে কৰ্তন কৰি লৈছিল যদিও উপ সংমণ্ডলটোৰ অধীনস্থ জামুগুৰি স্থিত বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা কাম শেষ নহওতেই বিদ্যুৎ পৰিবাহ কৰাত কৰ্মচাৰী গৰাকী বিদ্যুৎস্পৃষ্ট হয়৷ যিহেতু উক্ত ট্ৰেন্সফৰ্মাৰটো সংস্থাপিত বিদ্যুৎ খুটাতে জামুগুৰি বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ সংশ্লিষ্ট বিদ্যুৎ পৰিবাহী তাঁৰডালো সংলগ্ন আছিল৷ এনে পৰিপ্ৰেক্ষিততে নিশ্চিত ভাৱে বিভাগীয় সংশ্লিষ্ট উপসংমণ্ডলৰ চুড়ান্ত গাফিলতীতে আজিৰ দূৰ্ঘটনাটো সংঘটিত হোৱাত স্থানীয় সচেতন ৰাইজে তীব্ৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

উল্লেখ্য বিদ্যুৎস্পৃষ্ট হৈ কৰ্মচাৰীগৰাকী ট্ৰেন্সফৰ্মাৰটোৰ পৰা তললৈ উফৰি পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্তও হয়৷  ঘটনা সংঘটিত হোৱাৰ পিছতে গুৰুতৰ ভাৱে আহত আঘাতপ্ৰাপ্ত বিদুৎস্পৃষ্ট কৰ্মচাৰীগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল যদিও আহত কৰ্মচাৰীগৰাকীৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷

স্মৰ্তব্য যে, উপসংমণ্ডলটোৰ এনে গাফিলতিৰ বাবেই বিগত বৰ্ষত বেজগাঁৱতো দিপাংকৰ বৰুৱা নামৰ এজন বিদ্যুৎ কৰ্মী কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছিল৷ অন্যহাতে মাহচেৰেক পূৰ্ব্বেও দত্ত উপাধিৰ আন এগৰাকী কৰ্মচাৰীও কৰিকৰী বিসংগতিৰ কাৰণেই বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈছিল৷ গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডল বিষয়া গৰাকীৰ প্ৰশাসনিক নিয়ন্ত্ৰণহীনতাৰ বাবেই বাৰে বাৰে এনে দূৰ্ঘটনা সংঘটিত হৈ অহা বুলি উপসংমণ্ডলটোৰ ভিতৰচৰাতে সৰব আলোচনা চলিছে৷ কিয়নো আজিৰ ট্ৰেন্সফৰ্মাৰ মেৰামতীৰ কামটোত নিয়ম অনুসৰি লাইন মেন উপস্থিত থাকিব লাগিছিল যদিও কেৱল বিষয়া গৰাকীৰ প্ৰশাসনিক দুৰ্বলতাৰ বাবেই লাইন মেনৰ অনুপস্থিতিত সহায়ক কৰ্মচাৰী সকলেহে ট্ৰেন্সফৰ্মাৰ মেৰামতি কাম কৰিব লগা হৈছিল৷

Related Articles

Leave a Reply

Close