অসম

পূজাত এ জে ৱাই চিপিৰ ব্যতিক্ৰমী পদক্ষেপ, উত্তৰ দিলেই দিয়ে উপহাৰ

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: চৌদিশে এতিয়া শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাহ। মণ্ডপে মণ্ডপে দেৱী দৰ্শনৰ বাবে সহস্ৰজনৰ ভিৰ। পূজাৰ মেলাত ডেকা গাভৰুৰ গা সাত গুণ আঠ গুণ। ইয়াৰ মাজতে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি এইবাৰৰ পূজাৰ মলাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। টিংখাং সমষ্টিৰ ৰাজগড়ৰত অলপতে গঠন হোবা এ জে ৱাই চিপি ৰাজগড় নগৰ সমিতিয়ে পূজাৰ মেলাত সহস্ৰাধিক বিভিন্ন দোকানৰ মাজত মুকলিকৈ কুইজ প্ৰতিযোগীতা অনুষ্ঠিত কৰি শুদ্ধ উত্তৰ দিয়াজনক ঠাইতে বিভিন্ন উপহাৰেৰে পুৰস্কৃত কৰিছে।

পৰিষদৰ ৰাজগড় নগৰ সমিতিৰ সভাপতি আনিছ ৰহমানে সঞ্চালনা কৰা কুইজ প্ৰতিযোগীতাত আজি সপ্তমিৰ দিনা স্থানীয় আৰক্ষী বিষয়া, সাংবাদিক, শিক্ষক, ছাত্ৰ-ছাত্ৰী লগতে প্ৰায় তিনি শতাধিক দৰ্শকে প্ৰশ্নৰ শুদ্ধ উত্তৰ দি উপহাৰ লাভ কৰি পূজাৰ ব্যতিক্ৰমী অানন্দ লাভ কৰে। এ জে ৱাই চিপি ৰাজগড় আঞ্চলিকৰ সভাপতি বাবলু কোচ, নগৰ সমিতিৰ সম্পাদক বাপন সেনৰ লগতে পৰিষদৰ সমূহ সদসী, স্থানীয় বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ উপস্থিতিত উদ্বোধন হোৱা কুইজ প্ৰতিযোগীতাখনি এইবাৰৰ শাৰদীয় ৰাজগড়ৰ পূজাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পূজাৰ আনন্দ-উচ্ছাহৰ মাজত এনে ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে জাতীয় সংগঠনটোৰ শলাগ লৈছে সমূহ টিংখঙীয়া ৰাইজে।

Related Articles

Leave a Reply

Close