Home / যুৱ / প্ৰথম খবৰৰ কবিতাৰ সন্ধান প্ৰতিযোগিতালৈ ব্যাপক সহাঁৰি

প্ৰথম খবৰৰ কবিতাৰ সন্ধান প্ৰতিযোগিতালৈ ব্যাপক সহাঁৰি

নিউজ ডেস্ক, প্ৰথম খবৰ: ‘প্ৰথম খবৰৰ কবিতাৰ সন্ধান’ প্ৰতিযোগিতালৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কবিতাক হৃদয়েৰে ভাল পোৱা সকলে আগবঢ়াইছে ব্যাপক সহাঁৰি| আপোনালোকৰ সহাঁৰিয়ে আমাক দুগুণ উৎসাহিত কৰি তুলিছে| কবিতাৰ সন্ধান এক মঞ্চ প্ৰতিভাবান সকলৰ বাবে,যাৰ প্ৰতিভা থাকিও সঠিক প্ৰকাশৰ পথ নাপায় মৰহি যায় হিয়াৰ মাজতেই| আহক আগবাঢ়ি আপুনিও,অংশীদাৰ হওঁক আমাৰ কবিতাৰ সন্ধান যাত্রাৰ৷ কবিতাৰ সন্ধান আচলতে কাব্যিক অনুভূতিৰ প্ৰতিযোগিতা মাত্ৰ নহয়, এক কবিতাৰ আন্দোলন৷ সকলো বয়সৰ কবিয়ে নিজে লিখা দুটা কবিতাসহ যোগদান কৰিব পাৰিব এই কবিতাৰ সন্ধান প্ৰতিযোগিতাত৷ বিশেষ বিচাৰকৰ বাচনিত উঠিব এশটা কবিতা৷ শ্ৰেষ্ঠ তিনিগৰাকীলৈ গুৱাহাটীত অনুষ্ঠিতব্য এক অনুষ্ঠানত পুৰস্কাৰ, সন্মান প্ৰদান কৰা হ’ব৷ নিৰ্বাচিত কবিতা প্ৰকাশ হ’ব গ্ৰন্থাকাৰে৷ অহা পহিলা অক্টোবৰৰ পূৰ্বে দুটা লিখিত কবিতা ফটোসহ প্ৰেৰণ কৰক প্ৰথম খবৰৰ হোৱাটছএপ নম্বৰ অথবা ই-মেইলত৷ ই-মেইলত –jonmoni@prathamkhabar.com

হোৱাটচএপ নম্বৰ -৭০০২৩১০৮৮৪

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*