Home / যুৱ / প্ৰথম খবৰৰ কবিতাৰ সন্ধান

প্ৰথম খবৰৰ কবিতাৰ সন্ধান

নিউজ ডেস্ক, প্ৰথম খবৰ: কোনোবাই কয়, কবিৰ সংখ্যা দুশ৷ কোনোবাই কয় অকবিৰ সংখ্যা বহুত বেছি৷ কবি, অকবি সকলোৰে আছে আত্মিক উপলব্ধি৷ সেই উপলব্ধিক সন্মান জনাই প্ৰথম খবৰৰ অভিনৱ আয়োজন-কবিতাৰ সন্ধান৷ কবি, অকবি বুলি কথা নাই- মনৰ উপলব্ধিক বাংময় ৰূপ দিয়া সকলো কবিকে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই প্ৰথম খবৰৰ এক অভিজাত আয়োজন- কবিতাৰ সন্ধান৷ কবিতাৰ সন্ধান আচলতে কাব্যিক অনুভূতিৰ প্ৰতিযোগিতা মাত্ৰ নহয়, এক কবিতাৰ আন্দোলন৷ সকলো বয়সৰ কবিয়ে নিজে লিখা দুটা কবিতাসহ যোগদান কৰিব পাৰিব এই কবিতাৰ সন্ধান প্ৰতিযোগিতাত৷ বিশেষ বিচাৰকৰ বাচনিত উঠিব এশটা কবিতা৷ শ্ৰেষ্ঠ তিনিগৰাকীলৈ গুৱাহাটীত অনুষ্ঠিতব্য এক অনুষ্ঠানত পুৰস্কাৰ, সন্মান প্ৰদান কৰা হ’ব৷ নিৰ্বাচিত কবিতা প্ৰকাশ হ’ব গ্ৰন্থাকাৰে৷ অহা পহিলা অক্টোবৰৰ পূৰ্বে দুটা লিখিত কবিতা, নিজৰ ঠিকণা ফটোসহ প্ৰেৰণ কৰক প্ৰথম খবৰৰ হোৱাটছএপ নম্বৰ অথবা ই-মেইলত৷ ই-মেইল আইডি – jonmoni@prathamkhabar.com,হোৱাটচএপ নম্বৰ -৭০০২৩১০৮৮৪

Leave a Reply

Your email address will not be published. Required fields are marked *

*