অসম

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ সজাগতা সভা

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: দৰং জিলাৰ খাৰুপেটীয়াত বাহাবাৰী যুৱ মঞ্চৰ উদ্যোগত দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ সহযোগত বাহাবাৰী হাইস্কুল প্ৰাঙ্গণত অনুষ্ঠিত হয় সজাগতা সভাখনি। উক্ত সজাগতা সভাখনিত উপস্থিত থাকে দৰং জিলা কৌশল কেন্দ্ৰৰ পৰিচালক ইমটিয়াজ আহমেদ, বি. ডি. এম যদুমনি শৰ্মা, প্ৰশিক্ষক চাইমা জামাল ৰ উপৰিও বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰু যুৱ মঞ্চৰ সভাপতি সম্পাদকৰ লগতে সমুহ সদস্য বৃন্দ। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ ওপৰত যদুমনি শৰ্মাই সকলো দিশৰ ওপৰত বিতংকৈ বুজাই কয়। প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ জৰিয়তে শিক্ষিত যুৱ যুৱতী সকলক চিওৱিং মেচিন, চেলচ এচোছিয়েট, ফুড এণ্ড বিভাৰেজেচ ৰ ওপৰত তিনিমাহৰ প্ৰশিক্ষণ বিনামুলীয়াকৈ প্ৰদান কৰি কোম্পানি সমুহত নিযুক্তি ৰ ব্যৱস্থা কৰি দিয়া হব বুলি কৌশল কেন্দ্ৰৰ বিষয়া সকলে শতাধিক ব্যক্তি উপস্থিত থকা সভাত বুজাই কয় সকলোকে । লগতে নতুনকৈ জি এছ টি ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বি কম উৰ্ত্তীণ ছাত্ৰ ছাত্ৰী সকলৰ বাবেঃ বিনামুলীয়াকৈ এই কৌশল কেন্দ্ৰত।

সকলো যুৱক যুৱতীকে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাই দৰং জিলাৰ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ বিষয়া বৰ্গই আৰু মংগলদৈ ইণ্ডাষ্ট্ৰি চকত থকা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত নামভৰ্ত্তি কৰি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ দৰং জিলাৰ শিক্ষিত যুৱক যুৱতী সকলক আহ্বান জনাই। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে আৰু বিতংকৈ জানিবৰ কাৰণে ৭৮৯৬৫৬৩০৯৮, ৯৮৫৯৩১৬৩১৯, ৭০০২৮১৮২০২ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰু বৰ্তমান নামভৰ্ত্তি চলি আছে কৌশল কেন্দ্ৰত ।

Related Articles

Leave a Reply

Close