গল্পনিবন্ধসাহিত্য

প্ৰেৰণা

 ইনু এন্ডাৰছন
“দুপৰীয়া হ’ল। সূৰ্য মূৰৰ ওপৰ পালেহি। নিয়ৰ, উঠা আকৌ! শুইৱে থাকিবা আজি। উঠা নিয়ৰ।অফিচলৈ দেৰি হৈ যাব।” এনেকৈয়ে প্ৰায় প্ৰত্যেকদিনেই অনুভূতিয়ে মোক মাতিছিল।ময়ো, তাই নমতালৈকে বিছনাত পৰিয়েই থাকিছিলোঁ। আজি দুবছৰ হ’ল। অনুভূতিয়ে মোক আৰু এনেদৰে এবাৰো মতা নাই। হঠাতেই অনুভূতিয়ে মোক আৰু আমাৰ একমাত্ৰ সন্তান অনুৰাধাক অকলশৰীয়াকৈ এৰি থৈ গুচি গ’ল। বহু দূৰলৈ গুচি গ’ল তাই। থৈ গ’ল মাথোঁ স্মৃতিবোৰ।
কৰ্মসূত্ৰে গুৱাহাটীতে থাকো। ৯২.৭ বিগ এফ এম নামৰ ৰেডিঅ’ ষ্টেচন এটাত আৰ জেৰ কাম কৰো।দিনৰ দিনটো বকাবকি কৰিব লাগে- সেয়াই কাম। অনুৰাধাৰ বয়স দুবছৰমান হৈছিল। অনুভূতিয়ে সিদ্ধান্ত লৈছিল- শ্বিলঙলৈ ফুৰিবলৈ যোৱাৰ। অনুভূতিৰ প্ৰিয় ঠাই আছিল শ্বিলং। আচলতে যিকোনো পাহাৰীয়া ঠাইয়েই তাইৰ প্ৰিয় আছিল। মুঠতে তাই অাছিল পাহাৰ ভালপোৱা এজনী ছোৱালী।
 শ্বিলঙৰ  অকোৱা পকোৱা পাহাৰীয়া বাটেৰে আমাৰ গাড়ীখন আগলৈ গৈছিল। মই ড্ৰাইভিং কৰিছিলোঁ। মোৰ কাষতেই অনুভূতিয়ে অনুৰাধাক কোলাত লৈ বহিছিল। দুয়োজনেই বহুত কথা পাতি স্ফূৰ্তি কৰি গৈছিলো ।অনুভূতিয়ে স্কুলীয়া জীৱনৰ কথাবোৰ উলিয়ালে। তাই বৰষাৰ কথা কলে।স্কুলত তাইৰ বান্ধৱী আছিল। মোক বোলে বহুত ভালপাইছিল – অনুভূতিয়েই ক’লে।
হঠাৎ সন্মুখৰ পৰা অহা ট্ৰাক এখনৰ প্ৰচণ্ড খুন্দাত আমাৰ গাড়ীখনৰ সৈতে আমিও কেইবাশ ফুট তলত গৈ পৰিলো।মূৰত প্ৰচণ্ড আঘাত পাই মই জ্ঞান হেৰুৱাই পেলাইছিলোঁ। যেতিয়া চকু মেলিলো, নিজকে হাস্পতাল এখনত আৱিস্কাৰ কৰিলো। ওচৰৰ বেডত হাত ভৰি আছাৰি  অকণমাণি অনুৱে চিঞৰি আছে। তাইক কোলাত ল’লো। মোৰ বুকুৰ উম পাই তাই অলপ শান্ত হ’ল। অনুভূতিক বিচাৰিলোঁ। কিন্তু ক’তো নেদেখিলোঁ।
ডাক্টৰ এজন আহিল। ক’লে- “মি: নিয়ৰ, অনুভূতিৰ মৃত্যু হৈছে। সৌভাগ্যক্ৰমে আপুনি আৰু আপোনাৰ ছোৱালিজনী বৰ বেছি আঘাত নোপোৱাকৈ জীয়াই আছে। “সচাকৈ, অনুভূতিয়ে মোক এৰি, অনুক এৰি গুচি গ’ল সেই ঠাইলৈ, য’ৰ পৰা কোনেও কেতিয়াও ঘূৰি আহিব নোৱাৰে।মই মূক হৈ পৰিলোঁ। মাথোঁ নিৰৱে চকুলোবোৰ ওলাই আহিল।
“পাপা, মোৰ দেৰি হৈ গ’ল। ব’লানা। সোনকাল কৰা। কিনো ভাৱি আছা?” চাৰিবছৰীয়া অনুৰ মাতত মই বৰ্তমানলৈ গুচি আহিলোঁ।তাইক স্কুলত থৈ মই আকৌ অফিচলৈ যাব লাগিব।
“ব’লা অনু।
” বাৰাণ্ডাত থিয় হৈ থকা বৰষালৈ চাই ক’লো।
“মাম্মাক বাই কোৱা,অনু।
-“বাই মাম্মা”
অনুৱে বৰষালৈ এটা ‘ফ্লাইং কিচ’ দিলে। বৰ্তমান অনুৱেই মোৰ একমাত্ৰ আশা। মোৰ জীয়াই থকাৰ প্ৰেৰণা। তাইৰ বাবেই জীয়াই আছোঁ। জীয়াই থাকিবলৈ প্ৰতিজ্ঞা কৰিছোঁ। এবছৰ হ’ল বৰষাৰ সৈতে নতুন জীৱন আৰম্ভ কৰাৰ। সেই স্কুলীয়া জীৱনতে তাই মোক ভালপাইছিল। কিন্তু মই ভালপাইছিলোঁ অনুভূতিক। বিয়াও কৰিছিলোঁ অনুভূতিক।

“বাই”- বৰষাইও এটা ‘ফ্লাইং কিচ’ দিলে। নুবুজিলোঁ মোকেই দিলে নে অনুকেই দিলে। হয়তো দুয়োজনকে দিছে। বৰষাই এতিয়াও মোক ভীষণ ভালপায়। তাই প্ৰশ্ন কৰে- “নিয়ৰ, তুমি জানো মোক ভালপোৱা?”  মই কও- “হুম,বহুত, বিশ্বাস কৰা বৰষা – অনুভূতিৰ শপত, অনুৰ শপত- তোমাক ভালপাওঁ।” সাৱটি ধৰো বৰষাক। পৰ্দাৰ অাঁৰৰ পৰা কণমাণি অনুৰ দুষ্ট চকুযোৰে চাই থাকে আমাক।

Related Articles

1 thought on “প্ৰেৰণা”

Leave a Reply

Close