অসমশীৰ্ষ

ফেচবুক পোষ্টৰ বিৰুদ্ধে নাৰায়ণপুৰ থানাত গোচৰ

প্ৰথম খবৰ, নাৰায়ণপুৰ: জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ “জনমত (vox populi) নামৰ গ্ৰুপটোত কিছুদিন পূৰ্বে দেৱজিৎ ৰয় নামৰ এজন ব্যক্তিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দিয়া বিতৰ্কিত তথা আপত্তিজনক মন্তব্যক লৈ এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যৰ চুকে-কোণে।
ফেচবুকত শংকৰদেৱক “অসমৰ মূৰ্খ ধৰ্মগুৰু” সাজি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল দেৱজিত ৰয়। গুৰুজনাক লৈ এনে মন্তব্যৰ পিছতে ক্ষোভত জাঙুৰ খাই উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ।

ফেচবুকত গুৰুজনাৰ প্ৰতি অপমানসূচক মন্তব্যৰ প্ৰতিবাদত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন সেৱাবাহিনীৰ তৰফৰ পৰা নিজ নিজ জিলাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়।
বিহপুৰীয়া নাৰায়ণপুৰ জিলা সেৱাবাহিনীৰ তৰফৰ পৰাও আজি নাৰায়ণপুৰ আৰক্ষী থানাত এজাহাৰ দিয়া হয়।
প্ৰচাৰ সভাপতি প্ৰদীপ ভূঞাই গুৰুজনাৰ প্ৰতি এনে মন্তব্য অশোভনীয় বুলি কোৱাৰ লগতে জিলাধিনায়ক দিব্যজ্যোতি শইকীয়াই এনে মানসিকতাৰ প্ৰতি ধিক্কাৰ জনাই সকলো অসমীয়াকে ঐক্যবদ্ধ হৈ ইয়াৰ উপযুক্ত তদন্তৰ বাবে প্ৰশাসনক আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close