অসমশীৰ্ষ

বকো চাইল্ড লাইনৰ তৎপৰতাত বকোৰ হাউলিটাৰীত বাল্য বিবাহ বন্ধ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ একাংশ অঞ্চলত বাল্য বিবাহে সম্প্ৰতি ভয়ংকৰ সামাজিক ব্যাধি ৰূপে দেখা দিছে।

জিলাখনৰে বকো আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰীপাম গাঁৱৰ ৰতন সৰকাৰৰ ১৪ বছৰীয়া কন্যা তথা স্থানীয় সমাজ কল্যান এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিয়াৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে  হাউলিটাৰী গাঁৱৰ বিশ্ব নাথ মণ্ডলৰ ২১ বছৰীয়া পুত্ৰ প্ৰনৱ মণ্ডলে ছাত্ৰীগৰাকীক পলুৱাই আনি নিজৰ ঘৰখনত ৰাখে।

এই সন্দৰ্ভত বকো চাইল্ড লাইনে গোপন সূত্ৰে খবৰ পাই মণ্ডল ঘৰত উপস্থিত হৈ পলুৱাই অনা নাৱালিকাগৰাকীক উদ্ধাৰ কৰি চাইল্ড লাইনে সম্প্ৰতি গুৱাহাটীৰ জালুকবাৰীস্থিত চাইল্ড কেয়াৰত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close