Home / অসম / বঙাইগাঁৱত বন্ধ কুঠৰীত বিশ বছৰে এগৰাকী মহিলাৰ নৰক যন্ত্ৰনাৰে জীৱন

বঙাইগাঁৱত বন্ধ কুঠৰীত বিশ বছৰে এগৰাকী মহিলাৰ নৰক যন্ত্ৰনাৰে জীৱন

বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়, প্ৰথম খবৰ: কিমান নিৰ্দয় হ’ব পাৰে মানুহৰ জীৱন ৷ কিমান নিষ্ঠুৰ আৰু কঠোৰ হ’লে এনে শাস্তি বিহা হয় নাৰীক ৷ দানৱতাৰো এক সীমা থকা উচিত৷ তেনে এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে বঙাইগাঁও চহৰৰ পাললাৰাত। চহৰৰ ২৫ নং ৱাৰ্ডৰ বাসিন্দা ফটিক ঘোষ নামৰ এজন পাষণ্ডই দানৱীয় আচৰণেৰে বিগত ২০ বছৰে এটা বন্ধ, এন্ধাৰ, পুটিগোন্ধময় কোঠাৰ ভিতৰত আৱদ্ধ কৰি নিজ পত্নী শুক্লা ঘোষক নিৰ্যাতন চলাই আহিছে ৷

মায়াময় পৃথিৱীত এগৰাকী মমতাময়ী নাৰীৰ এই নিৰ্যাতন কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ আজিৰ পৰা ২১ বছৰ পূৰ্বে বুকুত অযুত সপোন বান্ধি পিতৃ গৃহৰ পৰা ন কইনা সাজেৰে ওলাই আহি এখন সুখৰ সংসাৰ পাতিছিল এইগৰাকী নাৰী, মাতৃ শুক্লা ঘোষে। কিন্তু নিয়তিৰ কি লিলা বিবাহৰ এবছৰ নৌহতেই আৰম্ভ হয় জীৱনৰ তিক্ততা ৷ জীৱনলৈ নামি আহিল ঘোৰ অন্ধকাৰ, অমানিশা আৰু কাল ধুমুহা। চিৰদিনলৈ হেৰাই গ’ল জীৱনৰ ৰঙীন সপোনবোৰ ৷

যৌৱনৰ ভৰপুৰ সময়তে ন কইনা নাৰীগৰাকীৰ জীৱনলৈ আৰম্ভ হ’ল শাৰীৰিক আৰু মানসিক নিৰ্যাতন। আৰু তাৰ মাজতে তেওঁলোকৰ মাজলৈ আহে এক পুত্ৰ সন্তান৷ কিন্তু বুকুৰ সন্তানকো কাঢ়ি লোৱা হ’ল। পাছত পূৰ্বৰ প্ৰেমিকা এগৰাকীক ঘৰ সুমুৱালে ফটিকে। তাৰ লগে লগে অন্য এক কাহিনী আৰম্ভ হোৱাত শুক্লাক এটা বন্ধ কোঠাৰ মাজত আৱদ্ধ কৰি মানসিক ৰোগী হিচাপে নিৰ্যাতন চলাই থাকিল বিগত ২০ বছৰে ৷ কোঠাটোৰ ভিতৰত নিত্যকৰ্ম সমাপন কৰিছে দৈনিক ৷ দুৰ্গোন্ধই ছানি ধৰিছে পৰিৱেশ ৷

তাৰ মাজতে বহি মাজে মাজে ওচৰ-চুবুৰীয়া তথা ঘৰৰ লোকে দিয়া অখাদ্য গ্ৰহণ কৰিব লগা হৈছে ৷ পানী এটুপিৰ বাবে চিৎকাৰ কৰি হাহাকাৰ কৰিব লগা হৈছে মমতাময়ী নাৰীগৰাকী ৷ তিল তিলকৈ মৃত্যুৰ ক্ষণগণি থকা এইগৰাকী নাৰীক সামাজিক সংগঠন, এন জি অ’ বা চৰকাৰৰ সমাজ কল্যান বিভাগে উদ্ধাৰ কৰি মানৱীয় প্ৰমূল্যবোধৰে সহায় কৰি উন্নত চিকিৎসা কৰি তোলাটো দৰকাৰী ৷ মানৱদৰদী ব্যক্তিসকল আহি শুক্লাক উদ্ধাৰ কৰি তথা উচিত ন্যায় প্ৰদানৰ ব্যৱস্থা কৰা দৰকাৰী ৷ তাৰ লগে লগে দানৱৰূপী স্বামীগৰাকীক শাস্তি প্ৰদানৰ দাবী উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*