অসম

বঙাইগাঁৱত স্বচ্ছতা সেৱা কাৰ্যসূচীত সমূহীয়া ছাফাই অভিযান 

বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়, প্ৰথম খবৰ: জিলা পানী আৰু অনাময় সমিতি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগ বঙাইগাঁও সংমণ্ডলৰ উদ্যোগত ১৫ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ জিলাখনত স্বচ্ছতাই সেৱা কাৰ্যসূচী ৰূপায়ন কৰি ৰাইজৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ যি মূল উদ্দেশ্য তাক ৰাইজৰ মাজত নি অভিযানখনি সঠিকভাৱে ৰূপায়ন কৰাৰ বাবে ৰাইজক সজাক কৰিছে জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা প্ৰশাসনে৷

এই উপলক্ষে আজি জিলা সদৰ তথা উপাযুক্ত কাৰ্যালয়ৰ পৰা চহৰৰ মাজত এক স্বচ্ছতা ৰথ যাত্ৰা উলিয়ায়৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ফ্লেগ অফ কৰি এই স্বচ্ছতা ৰথ যাত্ৰাৰ শুভাৰম্ভনী কৰে৷ ৰাইজক স্বচ্ছতাৰ দিশত সজাগ হ’বলৈ আহ্বান কৰি সমাজৰ প্ৰত্যকগৰাকী ব্যক্তি যদি নিকা আৰু চাফ-চিকুন হয় তেন্তে সমাজৰ পৰা সকলো দিশতে চাফ আৰু পৰিস্কাৰ হ’ব৷ আজিৰ অনুষ্ঠানত জিলাখনৰ পানী আৰু অনাময় সমিতিৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা খনৰ অন্যান্য বিভাগসমূহেও অংশগ্ৰহণ কৰে ৷

ইপিনে যোৱা কালি চহৰৰ পাগালাস্থানৰ গান্ধী পাৰ্কৰ পৰা চহৰৰ বজাৰ, ৰাস্তা ঘাটত এক সমূহীয়া চাফাই অভিযান ৰূপায়ন কৰে জিলা পানী আৰু অনাময় সমিতিয়ে। চাফাই অভিযানত জিলাখনৰ প্ৰায় কেইটা চৰকাৰী বিভাগৰ বিষয়া, কৰ্মচাৰী সকলে হাতে হাতে ঝাৰু লৈ চাফাই অভিযানত নামি পৰে৷
অভিযানত অংশ গ্ৰহণ কৰা বিষয়াসকলে প্ৰকাশ কৰে যে চহৰৰ ব্যৱসায়ী তথা বাসিন্দাসকলে নিজ নিজ এলেকাসমূহ চাফ কৰি ৰাখি স্বচ্ছ ভাৰত অভিযানত অংশীদাৰ হৈ সমাজ আৰু দেশখন নিকা কৰি ৰখাৰ আহ্বান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close