অসম

বঙাইগাঁৱৰ দখলত বিষ্ণুজ্যোতি ট্ৰফী

প্ৰথম খবৰ, সৰ্থেবাৰী: নসত্ৰ কৃষ্ণ গুৰু স্পৰ্টচ ক্লাৱৰ উদ্যোগত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত বিষ্ণুজ্যোতি ট্ৰফী চুড়ান্ত খেলত চেম্পিয়নৰ খিতাপ দখল কৰে বঙাইগাঁও ষ্টাৰ ইলেভেন ক্লাবে। কালি নিশা অনুষ্ঠিত চুড়ান্ত খেলখনত হায়েনা এফ চি ভুটান বৰ্ডাৰক হৰুৱাই এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ষ্টাৰ ইলেভেনে।

নিৰ্ধাৰিত সময়ত এক এক গলত সমান হৈ থকাত ট্ৰাইব্ৰেকাৰৰ সহায়ত বঙাইগাঁও ষ্টাৰ ইলেভেনে চেম্পিয়ন দলৰ ট্ৰফী লাভ কৰাৰ লগতে নগদ ৩০০০০ হাজাৰ টকা লাভ কৰে। ইপিনি হায়েনা এফ চিৰ খেলৱৈ ৰুপাই বড়ো শ্ৰেষ্ঠ খেলৱৈ নিৰ্বাচিত হৈ এখন স্কুটি লাভ কৰে।

Related Articles

Leave a Reply

Close