অসম

বানে বুঢ়াই পেলালে আগিয়াৰ বিস্তীৰ্ণ অঞ্চল

আগিয়াৰ পৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: গোৱালপাৰা জিলাখনৰ বিস্তীৰ্ণ অঞ্চল বানে বুঢ়াই পেলোৱাৰ সময়তে আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলবোলা চান্দামাৰী ককিৰা বিৰুৱাৰী আদি অঞ্চলত গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে বিস্তীৰ্ণ অঞ্চল বুঢ়াই বাৰণি পানীয়ে বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাৰ ফলত সমগ্ৰ অঞ্চলত বসবাস কৰা মানুহ খিনিয়ে এক ভয়াৱহ শংকাত পৰা পৰিলক্ষিত হৈছে। অৱশ্যে জিলা প্ৰশাসনে তোটাতিয়া কৈ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত বন্যাৰ্তৰ সকলে এক অজান বিপদৰ পৰা হাত সাৰে আৰু বানাক্ৰান্ত লোকসকলক জিলা প্ৰশাসনে ওখ ঠাইলৈ স্থানান্তৰ কৰে। আনপিনে বন্যাৰ্তৰ লগতে বহু সংখ্যক পশুধন ৰাজপথতে ৰাখিবলগীয়া হৈছে।

এই বানাক্ৰান্ত লোকসকলক জিলা প্ৰশাসনে অতি কম সময়ৰ ভিতৰতে খোৱা খাদ্যৰ যোগান ধৰিবলৈ ৰাইজে দাবী কৰাৰ লগতে আজি গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন ঠাইৰ বানাক্ৰান্ত লোক সকলৰ খবৰ লোৱাৰ লগতে বিভিন্ন ঠাইত সহায়ৰ হাত আগবঢ়াই অহা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Close