Home / অসম / বালিপৰাৰ লখৰাত অৰুণাচলী সুৰা জব্দ

বালিপৰাৰ লখৰাত অৰুণাচলী সুৰা জব্দ

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: শোণিতপুৰৰ বালিপৰাৰ লখৰাত অাবকাৰিৰ অভিযান। বালিপৰাৰ লখৰাৰ এখন ঘৰৰ ভিতৰত গাত খান্দি লুকাই থোৱা অৱস্থাত এশ কাৰ্টুনতকৈও অধিক অৰুণাচলী অবৈধ সুৰা জব্দ কৰে।

লগতে ৰাকেশ মুখীয়া নামৰ এজন অবৈধ সুৰা ব্যৱসায়ীকো অাটক কৰে। সুৰাখিনিৰ মুল্য দুই লাখটকাৰো অধিক হ’ব বুলি অাবকাৰি বিভাগে জানিব দিয়ে।

উল্লেখ্য যে, শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, লখৰা, ৰঙাপৰাৰ বিভিন্ন অঞ্চলত এচাম অসাধু ব্যৱসায়ীয়ে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় কৰি অাহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*