অসম

বিজেপিৰ দখলত বড়িগোগ বনভাগ সমবায় সমিতি

প্ৰথম খবৰ, বৰভাগঃ নলবাৰী জিলাৰ বড়িগোগ বনভাগ বহুমুখী সমবায় সমিতি, ধুৰকুছিৰ আজি অনুষ্ঠিত হোৱা নৱনিৰ্বাচিত সঞ্চালক সভাত ভোটদান প্ৰক্ৰিয়াৰে বিজেপি দলৰ থানেশ্বৰ গোস্বামী সভাপতি হিচাবে নিৰ্বাচিত কৰে ৷ উল্লেখ্য যে, সঞ্চালক মণ্ডলীৰ ১৪ জনৰ মাজৰ পৰা থানেশ্বৰ গোস্বামী আৰু গৌতম শৰ্মাই সভাপতি আসনত প্ৰতিদণ্ডিতা আগবঢ়াইছিল৷ গৌতম শৰ্মা অগপ সমৰ্থিত প্ৰাৰ্থী আছিল যদিও কংগ্ৰেছ সমৰ্থিত সঞ্চালকৰ সমৰ্থন লাভ কৰিও পৰাজয়বৰণ কৰাটো লক্ষণীয় আছিল৷

মুঠ ১৪টা ভোটৰ গোস্বামীয়ে ৭টা ভোট লাভ কৰাৰ বিপৰীতে শৰ্মাই ৬টা ভোট পায়,আনহাতে শৰ্মাৰ ১টা ভোট নাকচ হয়৷ উপসভাপতি পদত ৰফিকউদ্দিন আহমেদ বিনা প্ৰতিদণ্ডিতাৰে নিৰ্বাচিত হয়৷

মন কৰিবলগীয়া যে, যোৱা ২৭আগষ্টত সমবায়খনৰ নিৰ্বাচনত কংগ্ৰেছদলক পৰাভূত কৰাৰ স্বাৰ্থত বিজেপি অগপ দলে মিত্ৰতাৰে নিৰ্বাচন খেলি জয় লাভ কৰিছিল৷ কিন্তু আজি দুয়োটা দলে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো লক্ষনীয় হৈ পৰিছে৷ এইটোৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কিছু বেয়া প্ৰভাৱ পেলাব পাৰে বুলি ৰাইজে আশা ব্যক্ত কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close