অসম

বিজেপি মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সম্পন্ন

নিউজ ডেস্ক,প্ৰথম খবৰ: ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা পাঠশালাৰ ‘চিনাকি ভৱন’ত ১০-৯-১৭ তাৰিখে অনুষ্ঠিত হৈ যায়| মহিলা মৰ্চা বজালীৰ সভানেত্রী ধীৰুমণি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ দাসে কয় যে-ৰাইজৰ সৰ্বোতপ্ৰকাৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰি আহিছে আৰু অনাগত সময়তো কাম কৰি যাব|

সভাত অংশ গ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক দিলীপ শইকীয়া,অসম ৰাজ্যিক সমাজ কল্যান বৰ্ডৰ চেয়াৰ পাৰ্চন তৃষ্ণা দাস,ৰাজ্যিক কাৰ্যনিৰ্বাহক নিকুঞ্জ কুমাৰ দাসকে প্ৰমুখ্য কৰি বিজেপিৰ বজালী জিলা সমিতি,মহিলা মৰ্চাৰ বিষয়ববীয়াসকলে|

Related Articles

Leave a Reply

Close