অসম

বিদ্যুৎ কৰ্তনৰ বিসংগতিত কথমপি বহুজনৰ প্ৰাণ ৰক্ষা

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলাৰ শলগুৰি গাঁও পঞ্চায়তৰ অঞ্চলৰ কালুগাঁও ব্লক স্বাস্থ্য কেন্দ্ৰৰ অধিনৰ দেৱলীয়া কৈবত্ত উপস্বাস্থ্য কেন্দ্রই বিদ্যুৎ বিভাগক বিদ্যুৎ মাচুল আদাই নিদিয়াৰ বাবে বিদ্যুৎ কৰ্তন কৰে । কিন্তু বিদ্যুৎ বিভাগৰ বিদ্যুৎ কৰ্তনৰ দিশতো অতি আসোহা জনকভাৱে কৰাত আজি এনে আসোহাজনকভাৱে কৰা কাৰ্য্যই বহু বিপদৰ পৰা ৰক্ষা পৰে কেইজনমান সমাজ সচেতন ব্যক্তি বাবে।

দেৱলীয়া কৈৱত্ত উপস্বাস্থ্য কেন্দ্রত আজি ভাৰত তথা অসম চৰকাৰৰ জনহিতৈষী অটল অমৃত আঁচনিখনৰ যোগে শলগুৰি গাঁও পঞ্চায়ত অধিনৰ ছয় নং সাত নং আৰু দহ নং ৱাৰ্ডৰ আঁচনিখনে সুবিধা প্ৰদান কৰিব পৰা হিতাপৰাধীকাৰী সকলক পৰিচয় পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছিল । এই পৰিচয় পত্ৰৰ বাবে উল্লেখ্য ৱাৰ্ড কেইটাৰ কেইবাশ হিতাধীকাৰীসকল আজি পুৱা আঠ বজাৰ পৰা উক্ত উপস্বাস্থ্য কেন্দ্রটোত উপস্থিত হয়। উপ স্বাস্থ্য কেন্দ্রটোৱে বিদ্যুৎ বিভাগক মাচুল পৰিশোধ নকৰাত বিভাগে বিদ্যুৎ কৰ্তন কৰাটো পৰিতাপৰ বিষয় নহয়।

কিন্তু বিভাগে যিটো পদ্ধতিয়ে বিদ্যুৎ কৰ্তন কৰিলে সেই দিশটোৱে উপস্থিত সচেতন নাগৰিকৰ চকু কপালত তুলিলে। এই দিশটোত যদি আজি প্ৰথম আৱস্থাতে কাৰোৰে চকুত নপৰিলেহেতেন অতল অমৃত আঁচনিয়েই হয়টো বহুজনৰ প্ৰাণ ল’লেহেতেন। অতল অমৃত পৰিচয় পত্ৰ প্ৰদানৰ বেলিকা বৈদ্যুতিক সংযোগৰ যোগেহে সম্ভৱ হোৱাৰ বিষয়টোৱে উক্ত সাম্ভাৱ্য বিপদৰ ৰক্ষাৰ উৎস উদ্ঘাটন হয় আৰু তৎমুহুত্বতে এক সন্তাসে উপস্থিত জনসাধাৰণৰ হুৱাদুৱা সৃষ্টি কৰে।

চৰকাৰৰ সুবিধাৰ আশাত দৰিদ্ৰ জনসাধাৰণে উপ স্বাস্থ্য কেন্দ্রৰ দুৱাৰ নোখোলাৰ আগেই শ শ লোক উপস্থিত হৈছিল। ভগৱানৰ কৃপাত বিদ্যুৎ বিভাগে বিপদ সংকুলভাৱে বিদ্যুৎ কৰ্তন কৰি ৰখা বিদ্যুৎ পৰিবাহি কেৱুল ডালত কোনো লোকৰ স্পৰ্শ নহ’ল , উক্ত কেৱুলত কেনেবাকৈ যদি এজনৰ স্পৰ্শ হোৱা হলেই আজি অটল অমৃত আঁচনিখনৰ বাবেই বহুজনৰ প্ৰাণ হেৰুৱাব লগা হলহেতেন। বিদ্যুৎ বিভাগৰ দায়িত্ব জ্ঞানহীন কৰ্মচাৰীৰ বাবেই আজি হয়টো শিৱসাগৰ জিলাৰ শলগুৰি গাঁও পঞ্চায়তৰ ৬ ৭ ১০ নং ৱাৰ্ডত বহু অকল্পনীয় বিণনীয়ে গ্ৰাস কৰিলে হয়।

উপ স্বাস্থ্য কেন্দ্রৰ পৰিচাৰিকা গৰাকী উপ স্বাস্থ্য কেন্দ্রত উপস্থিত হোৱাৰ বাবেই এই সাম্ভৱ্য বিপদৰ পৰা একপ্ৰকাৰে ৰক্ষা পৰে । সেই সময়ত কেন্দ্ৰটোত এই প্ৰতিবেদক আৰু দীগন্ত দত্ত নামৰ স্বানীয় যুৱক উপস্থিত হৈ বিদ্যুৎ প্ৰয়োজনীয় কথাৰ বাবে চোৱা চিতা কৰোতেই ঘটনাটো উদ্ঘাটন হয় আৰু লগে লগে সেই ঠাইৰ পৰা মানুহখিনিক আতৰাই অনা হয় । বিদ্যুৎ বিভাগে বিদ্যুৎ কৰ্তন সাধাৰণতে বিদ্যুৎ খুঁটাৰ সংযোগি স্থানত কেৱুল সংযোগ বিশ্চিন্ন কৰিব লাগে , কিন্তু এই উপস্বাস্থ্য কেন্দ্রত বিদ্যুৎ সংযোগ বিশ্চিন্ন কৰিছে কেন্দ্ৰটোৰ বাৰাণ্ডাৰ খুঁটাত বান্ধি থোৱা অংশত, তাতে একেবাৰ তলত এনে বিপদ সংকুল অৱস্থাত বিদ্যুৎ কৰ্তন কৰা কাৰ্যক একেমুখে নিন্দা কৰাৰ লগতে বিভাটোৰ কাণ্ডজ্ঞানহীনতা পৰিচয়ক স্পৰ্শকাতৰ বিষয়টো উচিত তদন্ত কৰি দুখী কৰ্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপস্থিত জনসাধাৰণে মুকলি দাবী জনাইছে ।⁠⁠⁠⁠

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close