অসমশীৰ্ষ

বিধায়ক শ্বেৰমান আলীৰ সমষ্টিত বিধ্বস্ত যাতায়াত ব্যৱস্থা

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: জনপ্ৰতিনিধিৰ গুৰুত্বহীনতা আৰু চৰম অমনোযোগিতা¸ অৱহেলাৰ বাবে সম্প্ৰতি বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চলৰ একাধিক বাট-পথ আৰু দলঙৰ একেবাৰে বিধ্বস্ত হৈ পৰাৰ ফলত সমষ্টিটোৰ চৰাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে মৰণক শৰণ দি যাতায়াত অব্যাহত ৰাখিছে।

বিগত সময় কালত সমষ্টিটো চৰাঞ্চলৰ বিভিন্ন আঁচনিৰ অধীনত পথ¸ দলং¸ কালৰ্ভাট আদি নিৰ্মাণ মেৰামতিৰ নামত সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী লগতে ঠিকাদাৰে  লুণ্ঠন চলাই অহাৰ বাবে ইয়াৰে বহু পথ-দলঙৰ অধিক সূচনীয় হৈ পৰিছে বুলি অভিযোগ উত্থাপন হৈছে। সমষ্টিটোৰ মাজৰ চৰ-আলোপতি¸ আলোপতি, বাঘমাৰা¸ বাঘমাৰা-ধৰ্মপুৰ¸ ভাতনাপাইতী¸ কদমতোলা আদি সংযোগী পথৰ লগতে আন পথসমূহৰ ওপৰত থকা দলঙসমূহৰ বিধ্বস্ত অৱস্হাই বৃহত্তৰ অঞ্চলটো ছাত্ৰ-ছাত্ৰী¸ ৰোগী আৰু সৰ্বস্তৰ ৰাইজক যমৰ-যাতনা ভোগাইছে।

সমষ্টিটোৰ বিভিন্ন স্থানত ৰাইজে নিজৰ আৰ্জিত ধন খৰচ কৰি বাঁহৰ সাঁকো নিৰ্মাণ কৰি অতি বিপদজনকভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে।বিধ্বস্ত পথ-দলঙসমূহ দীৰ্ঘদিনৰে পৰা মেৰামতি বা পুনৰ নিৰ্মানৰ বাবে চৰকাৰ-বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক শ্বেৰমান আলীয়ে তিল মাত্ৰ গুৰুত্ব প্ৰদান নকৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

ইফালে সমষ্টিটোৰ চৰাঞ্চলৰ প্ৰথম একমাত্ৰ গড়কাপ্টানি পথ আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা খাটিয়ামাৰীলৈ বিস্তৃত প্ৰায় চাৰি কিলোমিটাৰ পথটোত থকা এখন কাঠৰ দলঙ মেৰামতিৰ অভাৱত দীৰ্ঘদিনৰে পৰা বিধ্বস্ত হৈ মৰণ ফান্দত পৰিনত হৈছে।

উক্ত পথটোত পাঁচ বছৰ পূৰ্বে বাৰিষাত মাজে মাজে একাধিক ঠাইত ছিগি প্ৰকাণ্ড প্ৰকাণ্ড পুখৰী সদৃশ গাঁতৰ সৃষ্টি কৰিছিল। সেই সময়ৰ পৰা পথটোত গাঁতৰ সৃষ্টি হোৱা ঠাই বোৰত স্থানীয় লোকে প্ৰতি বছৰে নিৰ্মাণ কৰা বাঁহৰ সাঁকোৰ ওপৰেদি পথচাৰীয়ে ভাড়া বহন কৰি অহা-যোৱা অব্যাহত ৰাখিছে। উল্লেখ্য যে সম্প্ৰতি বৃহত্তৰ  অঞ্চলটোৰ ৰাইজে পাঁচ টকাৰ পৰা দহ টকা ভাড়া বহন কৰি  অহা-যোৱা কৰিবলগীয়া হোৱা ঘটনাই চৰকাৰ- বিভাগীয় কৰ্তৃপক্ষ-জনপ্ৰতিনিধিসকলৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close