অসমশীৰ্ষ

বিশ্বনাথত পহু চিকাৰী গ্ৰেপ্তাৰ : অব্যাহত আছে কাজিৰঙাৰ নৰ্ডাণ ৰেঞ্জৰ অভিযান

বিশ্বনাথ চাৰিআলিৰ পৰা ভূচিত্ৰ দাধৰা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ হোৱা বানৰ সময়ত জীৱ-জন্তুৱে খাদ্য আৰু বাসস্থান বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছিল। ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ জীৱ-জন্তুৱে ষষ্ঠ সংযো জন আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আশ্ৰয় গ্ৰহন কৰিছিল। যি সমূহৰ ভিতৰত পহু আৰু গড় সংখ্যা অধিক আছিল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এই যে এই জীৱ-জন্তু সমূহৰ ওপৰত বিশেষকৈ পহুৰ ওপৰত সেই সময়ত চকু পৰিছিল এচাম অসাধু চক্ৰৰ।

যিহেতু হৰিণাৰ মাংসই বৈৰী সেয়েহে কাজিৰঙাৰ যষ্ঠ সংযোজনৰ দাতিকাষৰীয়া অঞ্চল সমূহত চলিছিল হৰিণা পহুৰ মাংসৰ বেহা। সেই সময়ত বন বিভাগে অভিযান চলাই কেইবাজনো পহু চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল যদিও অভিযানৰ সময়ত পলাই সাৰিবলৈ সক্ষম হোৱা বহু কেইজনে আত্ম গোপন কৰিছিল সেই সময়ত। দীৰ্ঘদিন ধৰি বন বিভাগে বিচাৰি ফুৰা দুজন পহু চিকাৰীক সোমবাৰে বিশ্বনাথৰ uco bank ৰ সন্মুখৰ পৰা কাজিৰঙাৰ নৰ্ডান ৰেঞ্জে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত পহু চিকাৰী দুটা ক্ৰমে চবিৰ আহমেদ আৰু চাইফুল ইছলাম।

বানপানীৰ সময়ত কাজিৰঙাৰ পৰা উটি অহা পহু হত্যা কৰি মঙহৰ বেহা চলাইছিল দুয়োজনে আৰু দুয়োজনৰে ঘৰ বিশ্বনাথৰ চোৱাগুৰিত। এতিয়াও কেইবাজনো চিকাৰী পলাতক অৱস্থাত আছে যদিও বন বিভাগে অব্যাহত ৰাখিছে চিকাৰী বিচাৰি অভিযান।

 

Related Articles

Leave a Reply

Close