অসম

বিশ্ব ফিজিঅ’থেৰাপি দিৱসৰ লগত সংগতি ৰাখি নলবাৰীত সজাগতা সভাও কৰ্মশালা সম্পন্ন

প্ৰথম খবৰ, বৰভাগঃ নলবাৰীৰ কলেজ ৰোডস্থিত প্ৰগ্ৰেছিভ একাডেমীত সদৌ অসম ফিজঅ’থেৰাপি এছ’চিয়েচন চমুকৈ “আপা”ৰ উদ্যোগত বিশ্ব ফিজিঅ’থেৰাপি দিৱসটো বিভিন্ন কাৰ্যসূচীৰে দুপৰীয়া ৩বজাৰ পৰা অনুষ্ঠিত কৰা হয়৷ একাডেমীৰ অধ্যক্ষ ত্ৰিকেন হালৈৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনিত ডাঃ প্ৰণৱ চক্ৰৱৰ্তীয়ে কয় যে ফিজিঅ’থেৰাপি আধুনিক চিকিৎসা বিজ্ঞানৰ এক অভিন্ন বিভাগ য’ত ব্যায়াম আৰু ঔষধ বিহীন বিভিন্ন আধুনিক প্ৰক্ৰিয়াৰ জৰিয়তে ৰোগৰ চিকিৎসা কৰা হয়৷ সভাৰ আঁত ধৰে ডাঃ কান্ত চক্ৰৱৰ্তীদেৱে লগতে ডাঃ ৰমেন ৰাজবংশী,ডাঃ অপূৰ্ব ৰাজবংশী, ডাঃ ৰূপম হালৈ, ডাঃ পুলকেশ চক্ৰৱৰ্তীয়েও ভাষণ ৰাখে সজাগতাৰ লগত সংগতি ৰাখি।

উল্লেখ্য যে, সভাৰ আৰম্ভণীতে সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে কৰ্মকৰ্তাসকলে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close