অসম

বিহালীত আটক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা

প্ৰথম খবৰ, বৰগাং: আজি পুৱা বজাত বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিকৰ সভাপতি ভৱানন্দ হাজৰিকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিকৰ সভাপতি সীমান্ত বনীয়া৷

উল্লেখ্য যে, যোৱা ১০ ছেপ্তেম্বৰ তাৰিখে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিহালীৰ ৰতোৱাস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়খনত পণ্ডিত দীনদয়াল নামাকৰণৰ বিৰোধ কৰি নাম ফলকত ৰংসানি মহাবিদ্যালয়খন বিহালীৰ সমাজ কৰ্মী তথা আঞ্চলিকতাবাদী ধাৰণা নিৰ্মাতা স্বৰূপ ছবিলাল উপাধ্যায়ৰ নামে প্ৰতিষ্ঠা কৰাৰ দাবী জনায়৷

ইফালে, সংগঠনটোৰ এই প্ৰতিবাদ সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষই জিনজিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে৷ আনহাতে, বিহালীৰ বাঘমৰা মণ্ডল বিজেপিয়ে প্ৰতিবাদৰ সন্দৰ্ভত জিনিজিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি আৰক্ষী আজি এই দুই ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰে ৷

Related Articles

Leave a Reply

Close