অসমশীৰ্ষ

বিহালীত এটি দৰিদ্ৰ পৰিয়ালৰ দেৱশিশু জটিল ৰোগত আক্ৰান্ত, স্বাস্থ্যমন্ত্ৰীক সহায়ৰ হাত বিচাৰি আহ্বান

বৰগাঙৰ পৰা দিগন্ত শইকীয়া, প্ৰথম খবৰ: এটি দেৱ শিশু৷ যি শিশুৰ ক্ৰন্দনত উচৱ খাই উঠে প্ৰতি গৰাকী মাতৃ। যাৰ এষাৰি মাতত শাঁত পৰে সমগ্ৰ জীৱন দুখ, কষ্ট, বেদনা কিম্বা বুকুৰ সমস্ত যান্ত্ৰনা৷ ইমানেই নহয় প্ৰতি শিশুৰ হাঁহি-কলকলনিত জীৱন্ত ৰূপত প্ৰাণ পাই উঠে অনাবিল সুখৰ জীৱন অৰ্থ৷ তেনে এক দেৱ শিশুৰ পৰা সেই তৃপ্তি লাভৰ পৰা বঞ্চিত তেনে পিতৃ-মাতৃয়ে কিমান যান্ত্ৰনা পাব পাৰে সেই মৰ্মবেদনা মাথো ভূক্তভোগী সকলেহে উপলব্ধি কৰিব পাৰিব ৷ তেনে এক হৃদয়স্পৰ্শী মৰ্মবেদনা-যান্ত্ৰণাৰ লেলিহা অগ্নিয়ে দহিছে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বৰাজুলী গাঁৱৰ নিবাসী অতি দৰিদ্ৰতাই কোঙা দৈনিক হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা এক পৰিয়ালৰ জীৱনলৈ৷

গাঁওখনৰ সঞ্জীৱ তেলেঙা নামৰ ব্যক্তিজনৰ এক কনমানি ৩ বছৰীয়া পুত্ৰ শিশু জন্মৰে পৰা আজি দিনটোলৈকে স্বাভাৱিক শিশুৰ দৰে পৰিয়ালটোৰ মুখলৈ কঢ়িয়াই অনা নাই সুখৰ অনুভৱ ৷ অতি মৰ্মান্তিক বিষয় যে, পৰিয়ালটোৰ একমাত্ৰ তিনি বছৰীয়া পুত্ৰ সন্তানটোয়ে কোনো জটিল ৰোগত আক্ৰন্ত হোৱাত কনমানিটোৰ মুখৰ মাতৰ পৰা আৰম্ভ কৰি শিশুৰ স্বাভাৱিক নান্দনিক কাৰ্য চোঁচৰা, খোজ কঢ়া, কলকলনি আদি কৰা নাই ৷ কণমানি দেৱ শিশুটোক এই ৰোগৰ পৰা আৰোগ্য কৰি তুলিৱলৈ দৰিদ্ৰ পৰিয়ালটোয়ে স্থানীয় অঞ্চলটোৰ চিকিৎসালয়ত চিকিৎসা চলাই আহিছে যদিও আজি পৰ্যন্ত কনমানিটো সুস্থ হৈ উঠা নাই ৷ কণমানিটোক সুস্থ কৰি তুলিৱলৈ হ’লে প্ৰয়োজন হ’ব উন্নত চিকিৎসা ৷ কিন্তু পৰিয়ালটোৰ হাতত নাই চিকিৎসাৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমানৰ অৰ্থ৷ যাৰ বাবে দৈনিক হাজিৰা কৰি অতি দৈন্যতাৰ মাজেদি পেট প্ৰৱনতাই অহা দুৰ্ভগীয়া পৰিয়ালটোয়ে নিজ সন্তানটোক সুস্থ কৰিৱলৈ বিগত এবছৰে এটা গাঁত খান্দি সুমুৱাই থৈ সুস্থ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

স্নায়ু আৰু অস্থিৰ ৰোগ আক্ৰান্ত কণমানিটোক সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ আশা পুঁহি ৰখা পিতৃ-মাতৃয়ে নিজ সন্তানৰ এষাৰ মাত লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰীগৰাকীৰ সহায় বিচাৰিছে ৷ তাৰোপৰি কণমানিটো সুস্থ কৰি তোলাৰ ক্ষেত্ৰত ৰাইজৰ সহায় কামনা কৰিছে ৷

Related Articles

Leave a Reply

Close