অসম

বিহালীস্থিত কেটেলা হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ব্ৰহ্মক আক্ৰমন 

প্ৰথম খবৰ, বৰগাং: আজি সন্ধ্যা প্ৰায় ৭ •২০ মান বজাত বৰগাং চেণ্টাৰৰ দৈনিক বজাৰৰ সন্মুখত দুই দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমন কৰে বিহালীস্থ কেটেলা হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক মধুচন্দ্ৰ ব্ৰহ্মক। দুই দুৰ্বৃত্তই মাটিত বগৰাই পেলাই লৈ ধাৰাষাৰ আক্ৰমন কৰে চিকিৎসক গৰাকীক৷
বৰগাং দৈনিক বজাৰৰ সন্মুখত ডাক্তৰ গৰাকীয়ে ৰখাইছিল তেওঁৰ চাৰিচকীয়া বাহনখন৷ চাৰিচকীয়া বাহনখন আগ-পিছ কৰাৰ অজুহাততে মাৰপিট কৰে দুৰ্বৃত্তৰ দলে৷ দুই দুৰ্বৃত্তৰ আক্ৰমনত আহত ডা• চিকিৎসক গৰাকী৷

প্ৰাপ্ত খবৰ মতে, বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত গোচৰ তৰিছে চিকিৎসক গৰাকীয়ে৷
জানিব পৰামতে দুই পাষণ্ড দুৰ্বৃত্ত হ’ল, কাজল বিশ্বাস আৰু দেৱজিৎ বিশ্বাস ৷ জানিব পৰামতে দুই দুৰ্বৃত্তৰ ঘৰ বৰগাং মৰাণ গাঁৱত।

Related Articles

Leave a Reply

Close