অসমশীৰ্ষ

ব্যাপক প্ৰতিবাদৰ মাজতেই জিনজিয়াত হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

প্ৰথম খবৰ,বৰগাং: আজি অসমীয়া জন-জীৱন জোকাৰি থকা সময়তে বিতৰ্কৰ মাজতে ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জনতাৰ আহ্বান তথা জনমত গুৰুত্ব প্ৰদান নকৰি বিহালীৰ ৰতোৱাত পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়খন উদ্বোধন কৰে। বিহালীৰ ৰতোৱাত বিশাল সমাৱেশেৰে প্ৰায় পাঁচ হাজাৰ ৰাইজৰ উপস্থিতিত উদ্বোধন কৰে শিক্ষানুষ্ঠান।

এই শুভ উদ্বোধনী অনুষ্ঠানত শক্তি মন্ত্ৰী পল্লৱ লোচন দাস, জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ,বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত আশিতক্ষ্য চক্ৰৱৰ্তী, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী, দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দেৱজিত দুৱৰা, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথ আৰু প্ৰায় পাঁচ হাজাৰ ৰাইজ উপস্থিত থাকে।

ইফালে আজি এই শুভ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়নৰ বাবে বিশাল কনভয়ৰে আহি থকাৰ বাটতে ডঃ হিমন্ত বিশ্ব শৰ্ম্মাক বিশ্বনাথৰ লগতে বিহালীৰ ভিন্ন প্ৰান্তত বিভিন্ন ছাত্ৰ সংগঠনে দীনদয়ালৰ নামেৰে নামকৰণ কৰা কাৰ্যক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিহালীৰ ৰতোৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ঠিয়হৈ হাতে -হাতে কলা পতাকালৈ আছা, বিপ্লবী যুৱ সন্থা, অসম সংগ্ৰামী যুৱ পৰিষদ, গোৰ্খা ছাত্ৰ সন্থা ,টাই আহোম ছাত্ৰ সন্থাই দীনদয়াল উপাধ্যায়ৰ নামেৰে নামকৰণ কৰাৰ বিৰুদ্ধে আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক’লা পতাকা প্ৰদৰ্শন কৰি বিভিন্ন শ্ল’গান দি বিহালীৰ আকাশ বতাহ কপাঁই তুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়।


তাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আনহাতে, পুৱা ১১ বজাত বিহালীৰ বৰগাঙত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদকাৰীক বৰগাং আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰে ১৩ জনকৈ প্ৰতিবাদকাৰীক।

Related Articles

1 thought on “ব্যাপক প্ৰতিবাদৰ মাজতেই জিনজিয়াত হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়”

Leave a Reply

Close