অসম

বঢ়মপুৰত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: বঢ়মপুৰত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ১৯৪২ চনত বঢ়মপুৰত শ্বহীদ হোৱা সকলক সন্মান জনোৱা উদ্দেশ্যয়ে বঢ়মপুৰত অনুষ্ঠিত কৰা ৭৫বছৰীয়া মহাহীৰক জয়ন্তী বৰ্ষত অংশগ্ৰহণৰ বাবে ক্ষন্তেক সময় পূৰ্বে বঢ়মপুৰত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী।

মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী গুণিন হাজৰিকা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ডঃ জয়শ্ৰী গোস্বামী মহন্ত, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্ম্মাৰ লগতে নগাঁৱৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীও ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close