অসম

বৰক্ষেত্ৰীৰ কছুৱাত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ

প্ৰথম খবৰ, চেঙা: নলবাৰী জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কছুৱা প্ৰাথমিক শাখাৰ পঞ্চ বিংশতিতম বাৰ্ষিক অধিবেশন আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ বৰক্ষেত্ৰীৰ কছুৱাস্থিত শংকৰদেৱ নামঘৰ প্ৰাঙ্গণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৯ আৰ ৩০ ছেপ্টেম্বৰত উদযাপন কৰা হ’ব বুলি প্ৰাথমিক শাখাৰ সম্পাদক বাবুল মেধিয় জনাইছে।

মহোৎসৱ উপলক্ষে ২৯ ছেপ্টেম্বৰৰ পুৱা ৫.৩০ বজাত ভাগৱত স্থাপন,পুৱা ৬ বজাত বন্তি প্ৰজ্বলন, পুৱা ৮ বজাত বিভিন্ন খেল-ধেমালি, আকস্মিক বক্তৃতা, কুইজ, ৰচনা, আবৃত্তি আৰু চিত্রাংকন প্ৰতিযোগিতা,পুৱা ১০বজাত আয়তীৰ নাম প্ৰসংগ, আবেলি ১বজাত দিহানাম প্ৰতিযোগিতা, সন্ধিয়া ৬.৩০ বজাত স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা অৰ্থাৎ ৩০ ছেপ্টেম্বৰৰ পুৱা প্ৰভাত ফেৰি ,পুৱা ৬ প্ৰাতঃপ্ৰসঙ্গ, ৮ বজাত বৃক্ষৰোপণ, ৮.৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব কছুৱা শাখাৰ সভাপতি বংশীধৰ মেধিয়ে। পুৱা  ৯ বজাত বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ সভাপতি বীৰেন্দ্ৰ মেধিয়ে ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব।

আবেলি ২ বজাত প্ৰাথমিক শাখাৰ সভাপতি বংশীধৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া ধৰ্মালোচনী সভাখন উদ্বোধন কৰিব কালদি গোপাল থান হাইস্কুলৰ শিক্ষক তৰুণ চন্দ্ৰ বৰ্মনে। নিৰ্দ্দিষ্ট বক্তা হিচাপে হস্ত-তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক হৰিশ মেধি, বিশিষ্ট অতিথি হিচাপে কেকান কাপলাবড়ি গাঁও পঞ্চায়তৰ সচিব প্ৰকাশ বৈশ্য, বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ সভাপতি বীৰেন্দ্ৰ মেধিকে ধৰি বহুতো বক্তা উপস্থিত থাকিব। সন্ধিয়া ৯ বজাত বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই নটৰাজ এমেচাৰ থিয়েটাৰ বগলচ্ ৰোডৰ দ্বাৰা অভিনীত নাট প্ৰদৰ্শনৰ উদ্বোধন কৰিব বুলি আদৰণি সমিতিৰ সভাপতি প্ৰফুল্ল মেধি আৰু সম্পাদক অনন্ত মেধিয়ে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close