অসম

বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত নৃশংস হত্যাকাণ্ড, কন্যাক চোকা অস্ত্ৰৰে হত্যা কৰি মাতৃ আত্মহত্যা

মুকালমুৱাৰ পৰা জয়ন্ত ডেকা, প্ৰথম খবৰ: এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ বৰক্ষেত্ৰীৰ চৰ অঞ্চল৷ নিজ গৃহতে মাতৃ-কন্যাৰ মৃত নিথৰ দেহ তেজেৰে লুতুৰি-পুতৰি অৱস্থাত উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ চৰ অঞ্চলতে হুৱাদুৱাৰ সৃষ্টি হৈছে।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী চৰত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড। খবৰ অনুযায়ী ভাংনামাৰী আৰক্ষী থানাৰ অন্তৰ্গত লাউপাৰা চৰৰ হাফিজুৰ ৰহমান নামৰ লোকজনৰ পত্নী আৰু ২ বছৰীয়া কন্যা সন্তানটিক নিজ গৃহৰ ভিতৰতে মৃত অৱস্থাত আজি ওচৰ-চুবুৰীয়াই প্ৰত্যক্ষ কৰে ৷ লগে লগে স্থানীয় লোকে ব্যৱসায়ী স্বামী হাফিজুৰ ৰহমান আৰু ভানংমাৰী আৰক্ষীক খবৰ দিয়ে।

উল্লেখযোগ্য যে, ব্যৱসায়ী স্বামী হাফিজুৰ ৰহমানে অইন দিনাৰ দৰে আজিও তেওঁৰ কৰ্মসুত্ৰলৈ ৰাতিপুৱাই ওলাই গৈছিল পত্নী আৰু দুই বছৰীয়া কন্যা সন্তানটিক ঘৰত এৰি৷ কিন্তু হঠাতে আজি ব্যৱসায়ী স্বামী হাফিজুৰ ৰহমানে কৰ্ম স্থানত থকা অৱস্থাতে তেওঁলৈ অাহিছিল এক ভয়ানক খবৰ ৷ স্থানীয় লোক সদৰী কৰা মতে কন্যাক নিজ মাতৃয়ে চোকা অস্ত্ৰৰে হত্যা কৰি মাতৃ হালিমা ফৰিদা বেগমে নিজৰ গলত চোকা অস্ত্ৰৰে ৰেপি আত্মহত্যা কৰিছে।

এফালে এচামে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিও সদৰী কৰে৷ সমগ্ৰ হত্যাকাণ্ড তথা আত্মহত্যাৰ লগত ব্যৱহাৰ হোৱা এপাত চোকা অস্ত্ৰ (বঠি) উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ হাফিজুৰ ৰহমানৰ পত্নী ফৰিদা বেগম (২৫) আৰু তেওঁৰ কন্যা হালিমা বেগমক (২) ইতিমধ্যে ভাংনামাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰিছে৷ সমগ্ৰ চৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনা এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে ওলাই পৰিব প্ৰকৃত সত্য ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close