অসম

বৰপেটাৰ আলোপতিত পুখুৰীত পৰি দুগৰাকী শিশুৰ সলিল সমাধি

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিণ প্ৰান্তৰ আলোপিত চৰ আৰক্ষী থানাৰ অন্তৰ্গত
এলেকাত আজি দুগৰাকী কন্যা শিশুৰ পুখুৰীত পৰি মৃত্যু হয়৷ আলোপতি খাটিয়ামাৰী গাঁৱৰ স্বাজাহান আলীৰ কন্যা আমিনা খাতুন (৯)আৰু চুবুৰীয়া মোকছেদ আলীৰ কন্যা ইলিজা খাতুন (১০) নামৰ শিশু দুগৰাকীয়ে দিনৰ প্ৰায় ১১ বজাত ঘৰৰ কাষতে থকা এখন পুখুৰী গা ধুবলৈ গৈ পুখুৰীৰ পানীত পৰি মৃত্যু হয়৷

পিছত পৰিয়ালৰ লোকে শিশু দুগৰাকীক পুখুৰীৰ পৰা উদ্ধাৰ কৰি এখন ঠেলাত উঠাই স্হানীয় আলোপতি প্ৰাথমিক চিকিৎসালয়ত আনে যদিও ইতিমধ্য দুয়োৰে মৃত্যু হোৱা বুলি চিকিৎসকে জনায়৷ ২৫৮নং আলোপতি প্ৰাথামিক বিদ্যালয়ৰ ছাত্ৰী দুগৰাকীৰ এনে শোকাৱহ মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close