অসম

বৰপেটা জিলাৰ বালাভিঠাত আমছুৰ বিশাল গণ সমাবেশ

প্ৰথম খবৰ, বৰপেটাৰোড: অসম আন্দোলনৰ সিদ্ধান্ত অনুসৰি অসমৰ পৰা বিদেশী বহিস্কাৰ হ’বই লাগিব। ১৯৭১ চন ২৫ মাৰ্চৰ পিছত অসমলৈ অহা সকলো বিদেশী বহিষ্কাৰৰ দায়িত্ব আমি আমছুৱে লম। এই মন্তব্য আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদৰ।
বৰপেটা জিলাৰ বালাভিটাত আজি অনুষ্ঠিত হোৱা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, আমছুৰ এক বিশাল প্ৰতিবাদী সভাত অংশ লৈ আমছুৰ সভাপতি আজিজুৰ ৰহমানে কয় ডি ভোটৰৰ নামত এন আৰ চি নামত সংখ্যালঘু মুছলমানক হাৰাশাস্তি চৰকাৰে বন্ধ কৰিব লাগিব। নিজৰ ভাষণত সভাপতি ৰহমানে কয় অসম আন্দোলনকাৰীৰ দাবীত ৭১ চন ভিত্তি বৰ্ষ হিচাবে লোৱা হৈছিল। বিদেশী খেদাৰ দায়িত্ব ল’ব আমছুৱে। অসমৰ উন্নয়নৰ বাবে বিদেশী খেদাৰ প্ৰয়োজনীয়তা আছে।

১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো হিন্দু মুছলমান বিদেশী খেদিব লাগিব। কংগ্ৰেছ, এ আই ইউ ডি এফৰ লগতে অসম গণ পৰিষদ দলে ডি ভোটৰ আৰু এন আৰ চিৰ নামত সংখ্যালঘু মুছলমান এই সমস্যা ৰাজনীতিৰ বাবেই জীয়াই ৰাখিছে বুলি মন্তব্য দিয়ে। আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত বিশাল গন সমাবেশত আমছুৰ আন এজন সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে নিজৰ ভাষণত বিজেপি সংখ্যালঘু মুছলমানক হাৰাশাস্তি কৰি এন আৰ চি ৰ পৰা ৫০ লাখ লোকৰ নাম বাদ পেলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে।

অহা ২৭ অক্টোবৰৰ দিনা ৫০ লাখ লোকক লৈ দিছপুৰত যাব বুলিও হুংকাৰ দিয়ে ।
বিশেষকৈ সভাৰ মূল উদ্দেশ্য আছিল – সমগ্ৰ ৰাজ্যতে সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলি থকা হত্যা, হিংসা, অন্যায় -অত্যাচাৰ, ডি- ভোটৰ এন আৰ চি ৰ নামত সংখ্যালঘু জনসাধাৰণক কৰা নিৰ্যাতন গড়াখহনীয়া প্ৰতিৰোধ ভূমিহীন নাগৰিকক মাটিৰ পট্টা প্ৰদান আদি সমস্যা সমূহ সমাধান দাবীত আলোচনা কৰা হয়। আজিৰ সভাখনত প্ৰায় ২০ হেজাৰোধিক লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close