অসম

মংগলদৈত উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ দৰং জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া 

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া ভূপেশ চন্দ্ৰ দাসক আজি বিয়লি ৫-৪৫ মান বজাত ১ লাখ টকা উৎকোচ লৈ হাতে লোতে নিজ কাৰ্যালয় কক্ষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই। দৰং জিলা পৰিষদৰ লালপুৰ জিলা পৰিষদ সমষ্টিৰ সদস্য তিহাৰু গৌঢ়ৰ এক অভিযোগৰ ভিক্তিত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে গ্ৰেপ্তাৰ কৰে। ইফালে একে সময়তে বিষয়াগৰাকীৰ পাঠশালা আৰু গুৱাহাটীৰ বাসগৃহতো তালাচী অভিযান চলি আছে।

Related Articles

Leave a Reply

Close