অসমশীৰ্ষ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা জনমত Vox Populi

প্ৰথম খবৰ, পাৰখোৱা: বৰ্তমানৰ প্ৰেক্ষাপটত কিছু ষড়যন্ত্ৰকাৰীয়ে বিভিন্ন সময়ত অসমৰ সমাজ জীৱন মষীমুৰ কৰাৰ উদ্দেশ্যেৰে ভয়ানক ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰে অংশ হিচাপে একাংশ দুষ্তিকৃকাৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাক বিভিন্ন ধৰণেৰে হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে। শেহতীয়াকৈ দেৱজিৎ ৰয় নামৰ এটি ফেচবুক একাউণ্টৰগৰাকীয়ে জনমত(vox populi) নামৰ এটি গ্ৰুপৰ জৰিয়তে ফেচবুকত অপপ্ৰচাৰ কৰি বৃহত্তৰ অসমীয়া সংস্কৃতি থানবান কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।

 

উল্লেখযোগ্য যে, জনমত(“vox populi) গ্ৰুপৰ জৰিয়তে পূৰ্বেও বিতৰ্কিত সাম্প্ৰদায়িক ষড়যন্ত্ৰ জড়িত মতামত দিয়া পৰিলক্ষিত হৈছে। গতিকে উক্ত দেৱজিৎ ৰয় আৰু জনমত নামৰ সেই বিশেষ গ্ৰুপটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ উদ্দেশ্যে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অন্তৰ্গত জিলাসমূহৰ লগতে হোজাই জিলা সেৱাবাহিনীৰ উদ্যোগত আজি (১ চেপ্তেম্বৰ) দিনৰ ১ বজাত হোজাই জিলাৰ শঙ্কৰদেৱনগৰত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ আৰু থানাত এজাহাৰ দাখিল কৰা হয় আৰু অতি শীঘ্ৰে দোষীয়ে শাস্তি পোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে সংঘৰসমূহ সংগীবৃন্দৰ লগতে বিভিন্ন দল-সংগঠনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close