অসম

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৬৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন

খুমটাইৰ পৰা চন্দন বৰা, প্ৰথম খবৰ: “জগজন তাৰণ দেৱ নাৰায়ণ শঙ্কৰ তাকেৰি অংশ ” পবিত্ৰ অসম ভূমিত আৰ্ৱিভাৱ হোৱা ” একশৰণ হৰিনাম ” ধৰ্মৰ প্ৰৱৰ্তক অসমীয়া সাহিত্য, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাপক, সৰ্বকালৰ শ্ৰেষ্ঠ মানৱতাবাদী মহান পুৰুষ, কৃষ্টিৰ আকাৰ , অসমীয়া জাতিৰ সঞ্জীৱনী সুধাকৰ , জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৬৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে খুমটাই গেলেকীয়াল গাঁৱৰ নামঘৰত সমাজসেৱক শিৱ বৰাক সভাপতি আৰু দিলিপ গগৈক সম্পাদক হিচাপে লৈ এখনি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ শক্তিশালী আদৰণি সমিতি গঠন কৰিছে ।

অহা ২৮, ২৯, ৩০ চেপ্তেম্বৰ বৃহস্পতি, শুক্ৰ আৰু শণিবাৰে তিনিদিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰাৰ লগতে ৩০ চেপ্তেম্বৰ শণিবাৰে নিশালৈ স্থানীয় শিল্পী সকলৰ দ্বাৰা ” বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰ মুক্তি লাভ ” নামৰ এখনি ভাওনা আয়োজন কৰিছে। মহান অনুষ্ঠান ভাগিলৈ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ উদযাপন সমিতিয়ে সমস্তৰে সহযোগিতা আৰু উপস্থিতি একান্তই কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close