অসম

মাইবঙত যুৱকক হত্যা

প্ৰথম খবৰ, মাইবং :মাইবঙত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। ৰাজেশ মালাকাৰ নামৰ এগৰাকী ২১ বছৰীয়া যুৱকক কোনো অচিনাকি দুৰ্বৃত্তই হত্যা কৰি স্থানীয় চৰকাৰী মাধ্যমিক বিদ্যালয় চৌহদত পেলাই থৈ যায়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। আৰক্ষীয়ে যুৱকজনৰ শৰীৰত যথেষ্ট পৰিমাণে তেজৰ দাগ পৰিলক্ষিত কৰে। মৃত যুৱকৰ ইতিমধ্যে প’ষ্টমৰ্টেম কৰা হয় যদিও ৰিপোৰ্ট পোৱা নাই আৰক্ষীয়ে। ইফালে যুৱকজনৰ লগত থকা ম’বাইল ফ’নটো হত্যাকাৰীয়ে ভাঙি পেলোৱা বাবে তদন্ত কৰিবলৈ কিছু অসুবিধাৰ সৃষ্টি হ’ব বুলি কয় আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close