অসম

মানিকপুৰৰ ৰাজপথত কলেজীয়া ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা

প্ৰথম খবৰ, মানিকপুৰ: মানিকপুৰত পুনৰ সংঘটিত হ’ল লজ্জাজনক ঘটনা। মাণিকপুৰ  কলেজৰ এজনী ছাত্ৰীক দিন দুপৰতে মাৰুতি গাড়ীত তুলি বলপূৰ্বক ধৰ্ষণৰ চেষ্টা কৰে লম্পট যুৱকে। ধৰ্ষণত ব্যৰ্থ লম্পটজনে নিচা জাতীয় দ্ৰব্য সেৱন কৰাই অচেতন কৰি মাৰুতি গাড়ীৰ পৰা ৰাস্তাত পেলাই থৈ যায় ছাত্ৰীজনীক।ঘটনাটো সংঘটিত কৰিছে বৰপেটা জিলাৰ কলগাছিয়াৰ বালাগাঁৱৰ এজন লম্পট যুৱকে। যুৱকজনৰ নাম ৰফিক আলী।

ৰফিক আলীয়ে বন্ধুৰ লগত মাৰুতি গাড়ী লৈ আহিছিল মানিকপুৰত। মানিকপুৰত আহি খাপ পাতি আছিল লম্পট ৰফিকে। কলেজৰ পৰা ওলাই আহি মানিকপুৰৰ চাৰিআলিত গাড়ীৰ অপেক্ষাত ৰখি আছিল ছাত্ৰীগৰাকী। ছাত্ৰী জনীৰ ঘৰ নাম্বাৰপাৰাত। ঘৰত যাবলৈ গাড়ী ৰখি থাকোতেই হঠাৎ ৰফিক আলী নামৰ লম্পট জনে আহি বলপূৰ্বক ভাৱে মাৰুতিত তুলি লয় ছাত্ৰীগৰাকীক। ৰফিকৰ লগত পূৰ্বৰ পৰাই চিনাকী আছিল ছাত্ৰী জনীৰ। ছাত্ৰীগৰাকীয়ে  চিঞৰ বাখৰ কৰাত  নিচা জাতীয় দ্ৰব্য সেৱন কৰাই ছাত্ৰীগৰাকীক অচেতন কৰি মানিকপুৰৰ পৰা ৫ কিঃ মিঃ দূৰত্বত অদলাগুৰিৰ ৰাস্তাৰ কাষত এখন হাবিত পেলাই থৈ যায়। স্থানীয় এজন লোকে প্ৰত্যক্ষ  কৰি চিঞৰ বাখৰ কৰাত ৰাইজে ততাতৈয়াকৈ মানিকপুৰ চিকিৎসালয়ত ভৰ্ত্তি কৰায়।

উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ছাত্ৰীগৰাকীক। ইফালে এই জঘন্য ঘটনা সংঘটিত কৰি গাড়ী লৈ পলায়ন কৰে লম্পট ৰফিক আলী। ঘটনা সংক্ৰান্তত ছাত্ৰীগৰাকীৰ অভিভাৱকে মানিকপুৰত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনা পোহৰ লৈ আহিব।

Related Articles

Leave a Reply

Close