অসমশীৰ্ষ

“লুইত কণ্ঠ” সন্মান প্ৰদান জুবিন গাৰ্গক

বিশেষ প্ৰতিবেদক, প্ৰথম খবৰ: জুবিন গাৰ্গলৈ লুইত কণ্ঠৰ বঁটা প্ৰদান। যোৱা ২৫ টা বৰ্ষৰে অসমবাসীৰ সিৰা-উপসিৰাত সিৰসিৰাই আৰু ধমনীত ধপধপাই থকা এটা নাম জুবিন গাৰ্গ। ১৬ হেজাৰ গীতেৰে অসমক চিনাকি দিয়া জুবিন গাৰ্গলৈ আগবঢ়োৱা হয় লুইত কণ্ঠ সন্মান। ২০১৭ বৰ্ষৰ মায়া মিডিয়া এৱাৰ্ডছত অসমৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে প্ৰদান কৰে এই বঁটাসহ বিশেষ সন্মান ।

ইফালে, এই সন্মান পাই সুখী অনুভৱ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে। উপাধিটো পাই গৌৰৱ কৰি মায়াৰ এনে প্রচেষ্টাক শলাগ লয় জুবিনে। জুবিন গাৰ্গে ক’লে অহা ৮ ছেপ্টেম্বৰত মুক্তি লাভ কৰিবলগীয়া বোলছবি মিছন চাইনাৰ কথা। চিনেমাখন মুক্তিলাভ কৰিবলৈ মাজত আৰু কেইটামান দিন থাকোতে অসমৰ নৱ প্ৰজন্মৰ পৰা বহু আশাবাদী বুলি কয়। লগতে অহা ৮ ছেপ্টেম্বৰত ছাত্ৰ-ছাত্ৰীয়ে চিনেমা হললৈ গ’লে সিদিনা অসমৰ স্কুল-কলেজ বন্ধ হৈ পৰিব বুলি কয়।

ইফালে, চলি থকা প্ৰচাৰ অভিযানৰ মাজতে নলবাৰী কলেজক প্ৰথম স্থান দিয়ে জুবিনে। ইমান চাপোৰ্ট দেখি সঁচাই হতবাক হৈ পৰে কণ্ঠশিল্পী গৰাকীয়ে। আৰু বহু মহাবিদ্যালয়ত মিচন চাইনাৰ প্ৰচাৰ বাকী আছে বুলি জনায় জুবিন গাৰ্গে।

Related Articles

Leave a Reply

Close