Home / অসম / “মিছন চাইনাক”ক কলকতাত বিছাৰিলে বংগ অভিনেত্ৰীয়ে”, জুবিনৰ লগত কাম কৰি সুখী বংগৰ অভিনেত্ৰী দেৱাস্মিতা বেনাৰ্জী

“মিছন চাইনাক”ক কলকতাত বিছাৰিলে বংগ অভিনেত্ৰীয়ে”, জুবিনৰ লগত কাম কৰি সুখী বংগৰ অভিনেত্ৰী দেৱাস্মিতা বেনাৰ্জী

সোনাৰিৰ পৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ এক্সক্লোচিভ: বংগৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী।বাংলা, হিন্দীৰ লগতে অসমীয়া চিনেমাতো অভিনয় কৰি অসমবাসীৰ আপোন হৈ পৰা এই গৰাকী বংগৰ অভিনেত্ৰী দেৱাস্মিতা বেনাৰ্জী। অতি কম সময়তে কলকতাৰ চিনেমা উদ্যোগত খলকনি লগোৱা দেৱাস্মিতাই অভিনয় কৰা শেহতীয়া অসমীয়া চিনেমা জুবিনৰ ‘মিছন চাইনা’ই প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাত সুখী অভিনেত্ৰীগৰাকী।

প্ৰথম খবৰৰ এই সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত অভিনেত্ৰী দেৱাস্মিতাই জুবিন গাৰ্গৰ মিছন চাইনাত কাম কৰি সুখী বুলি সদৰি কৰে। বাৰ্তালাপত অভিনেত্ৰী গৰাকীয়ে এক বিশেষ “শ্ব” থকাৰ বাবে মিছন চাইনাৰ প্ৰিমিয়াৰ চাব নোৱাৰিলো বুলি দুখ প্ৰকাশ কৰি কলকতাত মিছন চাইনা মুক্তি দিয়াৰ দিনায়ে চিনেমাখন চোৱাৰ হেপাঁহ ব্যক্ত কৰে।

উল্লেখ্য যে অভিনয় জীৱনত জুবিনৰ মিছন চাইনাতে পোন প্ৰথম বাৰৰ বাবে আইটেম চঙত অভিনয় কৰা বংগৰ অভিনেত্ৰী দেৱাস্মিতাই ইয়াৰ আগতো চুমাৰ পৰশতে, বৰলাৰ ঘৰ আদি কৰি কেইখনমান অসমীয়া চিনেমাত অভিনয় কৰিছিল।

স্পষ্ট অসমীয়াত সাৱলীলভাৱে বাৰ্তালাপ কৰা দেৱাস্মিতা আগলৈও ভাল অসমীয়া চিনেমাত অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰি জুবিনৰ ‘মিছন চাইনা’ত অতিথি শিল্পী ৰূপে আইটেম ছঙত অভিনয় কৰি সুখী বুলি পুনৰবাৰ সদৰি কৰি প্ৰথম খবৰৰ জৰিয়তে সমূহ অসমবাসীলৈ শাৰদীয় শুভকামনা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*