অসমশীৰ্ষ

মিছন চাইনা জ্বৰ, তত নাই নাৰায়ণপুৰৰ জুবিন অনুৰাগীৰ গাত

প্ৰথম খবৰ, নাৰায়ণপুৰ: সকলোতে যেন এতিয়া মিছন চাইনা জ্বৰ। কি যুৱক, কি যুৱতী সকলোৱে আশাৰে বাট চাই ৰৈছে মুক্তিৰ দিনটোলৈ। যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ গাত তত নাই। দেওবাৰৰ আজৰি দিনটোত ঘৰতে বহি নাথাকি দলে দলে ওলাইছে মিছন চাইনাৰ কথা ৰাইজক জনাবলৈ।

নাৰায়ণপুৰতো একেই পৰিস্থিতি। দেওবাৰৰ দিনটোতো জুবিন অনুৰাগীৰ হাঁহিবোৰেৰে জীপাল হৈ থাকিল নাৰায়ণপুৰ কিম্বা বিহপুৰীয়া চহৰ। কোনোবাই বাইকেৰে, কোনোবাই গাড়ীৰে একেলগে ওলাই আহিল এদল জুবিন অনুৰাগী। নাৰায়ণপুৰৰ পৰা বিহপুৰীয়ালৈ ঠায়ে ঠায়ে পোষ্টাৰ লগাই যাকে লগ পায়, তাকে ক’লে “দৌৰি দৌৰি যাম, মিছন চাইনা চাম, আপুনিও চাবগৈ চিনেমাখন”।  মুঠতে এদল যুৱক-যুৱতীয়ে দেওবাৰৰ দিনটোৱেই যেন বিলাই দিলে অসমীয়া চিনেমাৰ নামত। অসমীয়া চিনেমা উদ্যোগৰ বিপদক্ষণত চিনেমাৰ প্ৰচাৰৰ নামত যুৱক-যুৱতীৰ এনে কৰ্মোদ্যম নি:সন্দেহে শুভ লক্ষণ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close