অসম

মেৰাপানীত CRPFৰ স্বচ্ছ ভাৰত অভিযান 

দিপু মেচ, প্ৰথম খবৰ, মেৰাপানী: মাৰণাস্ত্ৰৰ পৰিৱৰ্তে এইবাৰ হাতে হাতে ঝাৰু ল’লে চিআৰপিএফৰ জোৱানে। শনিবাৰে মেৰাপানীত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী অনুসৰি চিআৰপিএফৰ ১৪২নং বেটালিয়নে হাতত লয় কেইবাটাও সুন্দৰ পদক্ষেপ।

মেৰাপানী টাউন হাইস্কুলত অৰ্ধসামৰিক বাহিনীটোৱে ছাত্ৰ ছাত্ৰীৰ সহযোগত চাফাই অভিযান চলায়। পাছত অভিযানটোৰ লগত সংগতি ৰাখি চিআৰপিএফে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তৰ্ক, চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰে। আইন-শৃংখলা নিয়ন্ত্ৰণৰ লগতে চিআৰপিএফৰ এই সামাজিক পদক্ষেপক মেৰাপানীবাসীয়ে শলাগ লৈছে।

Related Articles

Leave a Reply

Close