অসমশীৰ্ষ

মেৰাপানীৰ হোষ্টেলৰ পৰা ছাত্ৰ নিৰুৰ্দ্দেশ

মেৰাপানীৰ পৰা দিপু মেচ, প্ৰথম খবৰ: বিগত সোমবাৰৰ কাহিলি পুৱাৰ পৰা ৰহস্যজনকভাৱে নোহোৱা হৈছে দশম শ্ৰেণীৰ এইজন ছাত্ৰ। মেৰাপানীৰ ফ্লাৱাৰ ভেলী একাডেমীৰ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ হোষ্টেলৰ পৰা হঠাৎ নোহোৱা হৈছে এইজন দীপ গগৈ। স্থানীয় ক’লাজান গাঁৱৰ নবীন গগৈৰ একমাত্র পুত্ৰ সন্তান দীপ কিছু মাহৰ পৰা ফ্লাৱাৰ ভেলী একাডেমীৰ হোষ্টেলত থাকি পঢ়া শুনা কৰিছিল।

কিন্তু সোমবাৰে পুৱা হোষ্টেলৰ আন ছাত্ৰসকলে শুই উঠাৰ আগতেই দীপ ৰহস্যজনকভাৱে নোহোৱা হয় হোষ্টেলৰ পৰা। ততাতৈয়াকৈ অৱগত কৰা হয় মেৰাপানী আৰক্ষী থানাত। বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰজনৰ পৰিয়ালৰ লোকেও ব্যক্তিগতভাৱে বহু বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই নিৰুৰ্দ্দিষ্ট দীপৰ। ইফালে একমাত্র পুত্ৰ এনেদৰে আকস্মিকভাৱে নোহোৱা হৈ পৰাত শোকত বাট নেদেখা হৈছে পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close