অসম

মৈৰাবাৰীৰ জ্যেষ্ঠ সাংবাদিকৰ মৃত্যু, শোকৰ ছাঁ

মৈৰাবাৰীৰ পৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ:
মৈৰাবাৰীৰ জ্যেষ্ঠ সাংবাদিক ফাইজুৰ ৰহমানৰ আজি ৰাতি ১১ বজাত নিজৰ বাসভৱনত মৃত্যু হয় । প্ৰয়াত সাংবাদিকজনে বিগত ২ মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। প্ৰয়াত সাংবাদিকজনে ইহসংসাৰত পুত্ৰ,কন্যা আৰু পত্নীক এৰি থৈ গৈছে।

সাংবাদিকজনে অসমীয়া প্ৰতিদিন কাকতৰ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ প্ৰতিষ্ঠাপক স্থানীয় সংবাদদাতা হিচাপে কৰ্মৰত আছিল। মৃত্যুৰ সময়ত সাংবাদিকজনৰ বয়স আছিল ৫২ বছৰ। অহাকালি দিনৰ ভাগত সাংবাদিকজনৰ জানাজা সম্পন্ন কৰা হ’ব।

Related Articles

Leave a Reply

Close