অসমশীৰ্ষ

মৌন কিয় সৰ্বানন্দ সোণোৱাল?মন্তব্য জানিবলৈ ইচ্ছুক :তৰুণ গগৈ

নিউজ ডেস্ক,প্ৰথম খবৰ: এন এছ চি এনৰ তীব্ৰ হুংকাৰ অসমৰ অধ্যসিত মাটিত ১ মাৰ্চৰ আগে আগে লাগিব নগাৰ চাইনবৰ্ড| এতিয়াও কিয় মৌন হৈ আছে সৰ্বানন্দ সোণোৱাল?মন্তব্য জানিবলৈ ইচ্ছুক আমি|আজি এই গুৰুত্বৰ প্ৰশ্ন উত্থাপন কৰে সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে| তেওঁ কয় আমাৰ চাৰিসীমাৰ ভিতৰত নগাৰ আগ্ৰাসন তথা দাবী আমি নামানো| জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰ নিমাত কিয় এতিয়া| গগৈয়ে কয় আমাক সমস্যাৰ সমাধান লাগে হয় কিন্তু আমাৰ অসমীয়াৰ কোনো ক্ষতি কৰি নহয়| আমি অসমীয়াৰ ক্ষতি সজ্য নকৰো| সৰ্বানন্দ সোণোৱালৰ মৌনতাৰ সময়ত মোডীয়ে নিজাকৈ অসমৰ মাটি নগাক দিয়াৰ সিদ্ধান্ত কৰিলে পিছত অসমবাসীৰ কৰিবলগীয়া একো নাথাকিব বুলিও তেওঁ কয়| গতিকে সংবাদমেলৰ জৰিয়তে সৰ্বানন্দ চৰকাৰক টোপনিৰ পৰা সাৰ পাই,পৰিবৰ্তনৰ কথা কৈ ক্ষমতাৰ বাগজৰীত অহাৰ কথা সোৱৰাই জাতি-মাটি-ভেটি ৰক্ষা কৰিবলৈ প্ৰত্যাহ্বান জনায়|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close