কবিতাশীৰ্ষসাহিত্য

মৰম!এটি শব্দ

ঝৰ্ণা গগৈ,ধেমাজী

আজি দুদিন ধৰি চকু নিদ্ৰাবিহীন,
ওজাগৰে কটাইছো ৰজনী,এবাৰলৈ তোমাৰ বুকু কঁপি উঠা নাইনে,
ইমানেই স্বাৰ্থপৰ আছিলানে তুমি?
মাথোঁ এটা ৰাতিৰ বাবেই কৰিছিলা নেকি ইমান দিনে মৰম নামৰ শব্দটোৰ ব্যৱহাৰ!
ইস্, নিজকে দেখুন কিবা ঘিণ লাগিছে।
কিযে হৈ গ’ল নহয়,
কিয় পাগলৰ দৰে মৰম দিছিলা তুমি ?
তোমাৰ মৰমৰ উৎপাতত থাকিব নোৱাৰি, নিঃসন্দেহে সোমাই গৈছিলোঁ
সেই বিশেষ কোঠালীটোলৈ।
আস ,কিযে মৃদু কঁপনি এটা উঠিছিল,
সু-কোমল বুকুৰ মাজত,
কানপাতি শুনিছিলো তোমাৰ বুকুত মূৰ থৈ,
কিজানিবা মইও শুনিবলৈ পাওঁ তোমাৰ উদং বুকুৰ মৰমৰ তান।
হিঃ হিঃ হিঃ
তুমি নেদেখাকৈয়ে হাঁহি উঠিলোঁ ।
এনেকৈয়ো মৰম কৰিব পাৰেনে কোনোবাই?
সেই যে হাঁহি উঠিছিলো, তেতিয়াৰ পৰা আৰু মৰমৰ বৰষা নামি নাহিল,
আহিল মাথোঁ বিষাদৰ ঢৌ।

Related Articles

Leave a Reply

Close