অসমশীৰ্ষ

মৰাণত শিক্ষয়িত্ৰীক হত্যাৰ অপচেষ্টা যুৱকৰ

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণৰ মাজমজিয়াত আজি এগৰাকী শিক্ষয়িত্ৰীক এজন যুৱকে ডিঙি চেপি হত্যাৰ অপচেষ্টাৰ চলোৱাক লৈ মৰাণত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি, মৰাণ পিয়লি নগৰ বাংলা প্ৰাথমিক বিদ্যালয়ৰসহ শিক্ষয়িত্ৰী কুইন হাজৰিকা গগৈয়ে এখন বাতৰি কাকত কিনিবৰ বাবে এখন দোকানত সোমায়। তেনে সময়তে অনিল কুমাৰ চাহ (৩০) নামৰ যুৱকজনে কোনো কাৰণ নোহোৱাকৈ শিক্ষয়িত্ৰীগৰাকীক ডিঙি চেপি হত্যাৰ অপচেষ্টা চলায়।

সেই সময়ত উপস্থিত থকা লোকসকলে বহু চেষ্টা কৰি তেওঁক সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰে। পাছত মৰাণ থানাৰ আৰক্ষী গৈ যুৱকজনক আটক কৰে। সম্প্ৰতি শিক্ষয়িত্ৰীগৰাকী মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে যি সময়ত অসমৰ বিভিন্ন স্থানত শিক্ষয়িত্ৰীসকল নিৰ্যাতনৰ বলি হ’ব লগা হৈছে সেই সময়তে এই ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। চৰকাৰে এইসকল শিক্ষয়িত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা ল’বনে ?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close