অসমশীৰ্ষ

মৰাণৰ খোৱাঙত নৱ-বিবাহিতা বোৱাৰীক অপহৰণ, তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

প্ৰথম খবৰ, মৰাণ/খোৱাং: মৰাণৰ সমীপৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত নলনী চমুৱা গাঁৱৰ পৰা সদ্য বিবাহিত এগৰাকী ন-বোৱাৰীক একে গাঁৱৰে বিবাহিত যুৱক তথা দুটা সন্তানৰ পিতৃ ৰেৱত গোঁহাইয়ে ১ছেপ্তেম্বৰ ৰাতিপুৱা এ, এছ ০৬ চি ২৯৩০ নম্বৰৰ মাৰুতী কাৰত উঠাই লৈ অপহৰণ কৰে।

ঘটনাৰ সন্দৰ্ভত নলনী চমুৱা গাঁৱৰ নিবাসী ৰাজেন গগৈৰ পত্নী তথা অপহিত ন-বোৱাৰী সুমীলা গগৈ(২০)ৰ মাতৃ দেবেশ্বৰী গগৈয়ে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে অপহৰণ কৰা নৱ-বিবাহিতা বোৱাৰীকগৰাকীক উদ্ধাৰ কৰিবলৈ তদন্ত অভিযান অব্যাহত ৰাখিছে।

ইতিমধ্যে অপহৰণত ব্যৱহাৰ কৰা মাৰুতী কাৰখন খোৱাং থানাৰ আৰক্ষীয়ে জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক ধনটি গগৈ ওৰফে ধৰনীক আটক কৰিছে।

উল্লেখ্য যে, গত ২০ আগষ্টত নলিনী চমুৱাৰ সুনীলা গগৈ নামৰ যুৱতীগৰাকীয়ে ফেচবুকৰ চিনাকী জৰিয়তে ধেমাজিৰ মিছামাৰি গাঁৱৰ পদ্মেশ্বৰ বৰুৱাৰ পুত্ৰ জিতু বৰুৱা(১৯)সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। যোৱা ৩১ আগষ্টত প্ৰথম বাৰৰ বাৰে পিতৃ গৃহলৈ আহিছিল। নৱ-দম্পতীক ৰেৱত গোঁহাইয়ে ডিব্ৰুগড়ৰ বজাৰত সামগ্ৰী কিনি দিয়া প্ৰলোভন দি গাড়ীত নিয়ে যদিও আধা বাটত জিতু বৰুৱাক গাড়ীপৰা নমাই অপহৰণ কৰে সুমীলা গগৈক।

খোৱাং থানাৰ আৰক্ষীয়ে ৯৫/২০১৭ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৭/৫০৬/৩৪ ধাৰাত অপহৰণকাৰী আৰু অপহিত নৱ -বিবাহিতা যুৱতীগৰাকীৰ উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Related Articles

Leave a Reply

Close