অসম

যোৰহাটত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ

তিতাবৰৰ পৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: যোৰহাট নগৰৰ উন্নয়নৰ বাবে আৱণ্টিত ২০০ কোটি টকাৰ লগতে আনটাইড ফাণ্ডৰ ৫০ কোটি টকাৰ কেলেংকাৰীৰ লগত জড়িত যোৰহাটৰ প্ৰাক্তন উপায়ুক্ত বসন্ত বিশাল সৌলাংকীৰ লগতে এই কেলেংকাৰীৰ লগত জড়িত আন আন ব্যক্তিসকলকো শাসনাধীষ্ঠ বি জে পি চৰকাৰখনে ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতিবাদত আজি যোৰহাট আৰু তিতাবৰত যৌথ সংগ্ৰামী মঞ্চই পৃথকে পৃথকে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।

যৌথ সংগ্ৰামী মঞ্চই যোৰহাটৰ প্ৰাক্তন জিলা উপায়ুক্ত বসন্ত বিশাল সৌলাংকীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰি বৰ্তমানেও সচিব পদতে অধিস্থ কৰি ৰাখিছে বুলি উল্লেখ কৰে। তদুপৰি অতি সোনকালে যদি চৰকাৰে এই বিষয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহন নকৰে, তেনেহ’লে যৌথ সংগ্ৰামী মঞ্চই তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰো হুংকাৰ প্ৰদান কৰাৰ লগতে ২০ অক্টোবৰত যোৰহাট জিলা বন্ধ কাৰ্যসূচীৰো ঘোষণা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close