অসম

লখিমপুৰত স্বচ্ছতা সেৱা কাৰ্যসূচী মুকলি

প্ৰথম খবৰ, লখিমপুৰঃ অসম চৰকাৰৰ নিৰ্দেশ ক্ৰমে লখিমপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা পষেকজোৰা গান্ধী জয়ন্তীৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা স্বচ্ছতা সেৱা কাৰ্যসূচীৰ আজি মুকলি কৰে পঞ্চায়ত-গ্ৰামোন্নয়ণ, সাংস্কৃতিক, ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেই। এই উপলক্ষে আজি মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বান বিধ্বস্ত গাঁওসমূহত পুনৰ সংস্থাপন আৰু চাফাই অভিযানৰ লগতে বিহপুৰীয়াৰ মৰিডিক্ৰং জনজাতি হাইস্কুল প্ৰাঙ্গণত ৬.২৫ লাখ টকাৰ এম.জি.এনৰেগা আঁচনি এখন মুকলি কৰে।

আচঁনি খন মুকলি কৰি দিয়া ভাষণত তেখেতে বানত বিধ্বস্ত হোৱা গাঁৱৰ ৰাইজৰ পুনৰ সংস্থাপন, ৰাস্তা ঘাটৰ মেৰামতি কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই আচনি খন বান দুৰ্গত ৰাইজৰ ওচৰলৈ লৈ অহা বুলি উল্লেখ কৰি আঁচনিখনৰ সফল ৰূপায়নৰ বাবে পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী, খণ্ড উন্নয়ণ বিষয়া তথা জিলা প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ উপস্থিত ৰাইজৰ প্ৰতি আহ্বান জনায়। আজি মন্ত্ৰী গৰাকীৰ সৈতে সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকা, উপায়ুক্ত বৰুণ ভূঞা, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী দেইজী দত্ত, কাৰ্যবাহী বিষয়া প্ৰদীপ দলে উপস্থিত থাকে। একেদিনাই মন্ত্ৰী গৰাকীয়ে টেমেৰা মিচিং ৰাজহ গাঁৱৰ ২৯৮ নং টেমেৰা মিচিং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানতে মন্ত্ৰী গৰাকীয়ে বানত ঘৰ বাৰী হেৰুওৱা ৬ গৰাকী লোকলৈ ৯৫১০০ টকাকৈ ৰাজসাহাৰ্যৰ অনুমোদন পত্ৰ বিতৰণ কৰে। মন্ত্ৰী নৱ কুমাৰ দলে আৰু সাংসদ প্ৰদান বৰুৱাই আজি বানত ক্ষতিগ্ৰস্ত উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীলোং বগলীজানৰ ২৪৫ টা পৰিয়াল আৰু নাওবৈচা ৰাজহ চক্ৰৰ উজনি খামতি বালিগাৱৰ ১৫৬ গৰাকী লোকলৈ পুনঃসংস্থাপনৰ অনুমোদন পত্ৰ প্ৰদান কৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ মেলেকী গাঁৱত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে এক বৃক্ষৰোপন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close