অসম

লখিমপুৰৰ লীলাবাৰীত পত্নীক জ্বলাই হত্যা

প্ৰথম খবৰ,লখিমপুৰঃ তিনি তালাক নিষিদ্ধ কৰি দিয়া উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ে দেশৰ মুছলিম সম্প্ৰদায়ৰ মহিলা সমাজৰ লগতে বৌদ্ধিক মহলৰ মাজত আনন্দৰ লহৰ তোলাৰ মাজতে লখিমপুৰত সংঘটিত হৈছে নিজ পত্নীক জীৱন্তে জ্বলাই হত্যা কৰাৰ এক হৃদয়বিদাৰক, নাৰকীয় ঘটনা। যৌতুকৰ বাবেই বৈবাহিক জীৱনৰ আৰম্ভণিতে স্বামীৰ হাতত অতি কৰুণভাৱে মৃত্যুক সাবটি লোৱা দূৰ্ভগীয়া মহিলা গৰাকী হৈছে লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং বালিজানৰ কলি বেগম (১৯)। ঘটনা সন্দৰ্ভত লীলাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লিন্টু বৰাৰ পৰা জানিব পৰা মতে, কেইদিনমান পূৰ্বে সন্ধিয়া ৭ মান বজাত ১ নং বালিজানৰ ইদ্ৰিছ আলিৰ পুত্ৰ চফিকুলে নিজ পত্নীৰ গাত জুই লগাই হত্যাৰ চেষ্টা চলায়। ইতিমধ্যে নিৰ্যাতিতা কলি বেগমক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইফালে পৰিয়ালৰ লোকে কলিক গুৱাহাটীৰ পৰা ওভোতাই আনি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা চলাই থকা অৱস্থাতে আজি বিয়লি যন্ত্ৰনাত চটফটাই থকা মহিলা গৰাকীয়ে কৰুণভাৱে মৃত্যুক আকোৱালী লয়। ইপিনে ঘটনা সংঘটিত হোৱাৰ পৰা পলাতক হৈ আছে হত্যাকাৰী স্বামী চফিকুল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ (ক)/ ৩০৭ ধাৰাৰ অধীনত ১১১০/১৭ নম্বৰৰ এটি গোচৰ ৰজু কৰি সোধ-পোছৰ বাবে পিতৃ ইদ্ৰিছ আলিক আটক কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close