অসম

লাকুৱা দিচাংপৰীয়া কবি চক্ৰ গঠন

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: সদৌ অসম কবি সন্মিলনৰ অন্যতম শাখা লাকুৱা দিচাংপৰীয়া কবি চক্ৰৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন নতুনকৈ গঠন কৰা হয়। লাকুৱা শাখা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ বাইলুঙৰ সভাপতিত্বত লাকুৱা সৃজনী প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিৱসাগৰ জিলা কবি সন্মিলনৰ সম্পাদক প্ৰশান্ত কুমাৰ নাথে।

সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক ৰাজীৱ বৰদলৈ, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ দত্ত বৰা, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদিকা স্নেহাজোনাক দত্ত বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সঞ্জীৱ বাইলুঙক সভাপতি, গোবিন গগৈক উপ- সভাপতি, ৰেখামণি দুৱৰা ৰাজকুঁৱৰী (সম্পাদিকা), পাৰবীন গগৈ, সঞ্জয় শইকীয়া(সহঃ সম্পাদক), শিল্পী ৰাজকুঁৱৰী (সাংগঠনিক সম্পাদিকা), বিপিন হাজৰিকা (প্ৰচাৰ সম্পাদক), দীপ্তি সন্দিকৈ ৰাজকোঁৱৰ (পত্ৰিকা সম্পাদিকা), আঞ্জুমআৰা বেগম (কোষাধ্যক্ষ) আৰু অঞ্জু শ্যাম কোঁৱৰ, মুন মাকুমূৰীয়া, প্ৰীতি ফুকন, কৰবী ৰাজকুমাৰী, চাইনামণি ৰাজকোঁৱৰী, দীপিকা গগৈ, উষামণি গগৈ, মিজু গগৈ, কবিতা বাইলুং, ৰূপা ৰাজকুঁৱৰী, ৠতুপৰ্ণা ৰাজকুঁৱৰী, চন্দ্ৰপ্ৰভা চেতিয়াক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ লাকুৱা দিচাংপৰীয়া কবি চক্ৰ সমিতিখন গঠন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close