অসমশীৰ্ষ

লামডিঙত কামনাৰ বলি হ’ল এগৰাকী ১৫বছৰীয়া কিশোৰী

প্ৰথম খবৰ, লামডিং: নিজ মাতৃয়ে নিজৰ কন্যাক ঠেলি দিছে অসৎ কামত লিপ্ত হ’বলৈ ৷ তেনে এক জঘন্য কথা পোহৰলৈ আহিছে ৰে’ল নগৰী লামডিঙত ৷ লামডিঙ থানাত ১৫৪/১৭ নংত এটি গোচৰ ৰুজু হোৱাৰ লগে লগে পোহৰলৈ আহিছে গাৰ নোম শিহৰি উঠা ঘটনাটো ৷

লামডিং ক্ৰচিং গেটৰ নিৱাসী এই ১৫ বছৰীয়া কিশোৰীক গৰাকীক বহুদিন ধৰি শাৰীৰিক নিৰ্যাতনৰ চলি অহা বুলি গুৰুত্ব অভিযোগ উঠিছে সম্পৰ্কীয় মোমায়েকৰ ওপৰত৷ কিশোৰীগৰাকীৰ মতে বিগত বহুদিন ধৰি ৰাজু দত্ত নামৰ ব্যক্তি গৰাকীয়ে নিজৰ মাকৰ সহায়ত অকথ্য নিৰ্যাতন চলাই অহিছে ৷ ৰাজু দত্ত পেচাত এগৰাকী ঠিকাদাৰ৷

ৰাজু দত্তৰ জড়িয়তে মাকক এখন দোকান চলাই আহিছে ক্ৰচিং গেট বজাৰতে ৷ মাক আৰু ৰাজু দত্তৰ নিৰ্যাতন সহিব নোৱাৰি কিশোৰীগৰাকীয়ে আজি অতিষ্ঠ হৈ ঘৰৰ মালিকৰ সৈতে আহি লামডিং থানাত উপস্থিত হৈ গোচৰ ৰুজু কৰে ৷ কিশোৰীগৰাকী বৰ্তমান নগাঁৱলৈ স্বাস্থ্য পৰিক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ লগতে আৰক্ষীয়ে ৰাজু দত্তক আটক কৰিছে।

Related Articles

Leave a Reply

Close